গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব জল দিৱস উদযাপন

0 216

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ উদ্যোগত ২২ মাৰ্চত “Groundwater , making the invisible visible” বাণীৰে বিশ্ব জল দিৱস উদযাপন কৰা হয় । বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে সৰস্বতী বন্দনা পৰিবেশন কৰে । আনহাতে দিৱস উপলক্ষে বিভাগৰ মূৰব্বী অধ্যাপক ডঃ পল্লৱী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ ভূ-তাত্বিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰুন্তি চৌধুৰী । ভাষণ প্ৰসংগত ডঃ চৌধুৰীয়ে এইবাৰৰ বিশ্ব জল দিৱসৰ বাণীৰ তাৎপৰ্য দাঙি ধৰি ” Status and Issues Of Groundwater and its management in Assam” বিষয়ত বক্তৃতা প্ৰদান কৰে । দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাখন পৰিচালনা কৰে হৃদয় ৰঞ্জন শইকীয়াই । প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয় । শেষত শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মিনাক্ষী বৰাই ।

বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.