গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

0 131

গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।‌ মন্ত্ৰী সিংহলৰ লগতে এই বৈঠকত আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা, সহ উপাধ্যক্ষ ধ্ৰুৱ প্ৰসাদ বৈশ্য, আয়োগৰ মুখ্য কাৰ্যবাহী সদস্য এম এছ মনিৱন্নন তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভনকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত থাকে। বৈঠকত গুৱাহাটী মহানগৰীৰ সামগ্ৰিক উন্নয়ন সন্দৰ্ভত আয়োগৰ উপাধ্যক্ষ তথা সহকাৰী উপাধ্যক্ষগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। মহানগৰীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা, পথ-পদপথৰ উন্নয়ন, ট্ৰেফিকৰ সমস্যা, পাৰ্কিঙৰ সমস্যা আদি বিভিন্ন দিশৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত লাভ কৰা পৰামৰ্শ আৰু নিৰীক্ষণসমূহ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু এমাহৰ ভিতৰত তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী সিংহলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিবকে প্ৰমুখ্য কৰি অন্যান্য বিষয়াসকলক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.