গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাৰ ক’ভিড পৰিস্থিতিৰ পৰ্য্যালোচনা

0 224

কৃষি মন্ত্রী অতুল বৰাই কালি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।জিলাখনত বিশেষকৈ বোকাখাত মহকুমাত ক’ভিড -19ৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে সমগ্ৰ জিলাখনত স্বাস্থ্য বিভাগৰ নতুন নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে । তদুপৰি কৃষিৰ সৈতে জড়িত লোকসকলে যাতে বৰ্তমানৰ খেতিৰ সময়ছোৱাত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় সেই বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । লগতে বোকাখাত মহকুমাত এই কঠোৰ নীতি-নিৰ্দেশনা অধিক দিনলৈ বাহাল থাকিলে ৰেচন কাৰ্ড নথকা দুখীয়া মানুহখিনিক সহায় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি এই বিষয়েও বৈঠকত আলোচনা কৰা হয় । তেওঁ চাহ বাগিচা অঞ্চলসমূহত ক’ভিডৰ বৰ্ধিত সংক্ৰমণলৈ চাই কাইলৈৰ পৰা অন্ততঃ এসপ্তাহলৈ বাগিচাসমূহে যাতে বাহিৰৰ পৰা কোনো শ্ৰমিকক আনিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।
তেওঁ কয় যে ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে চাহ বাগিচাসমূহলৈ শ্ৰমিক অনাৰ পৰিৱৰ্তে বৰ্তমান থকা ন্যূনতম শ্ৰমিকেৰেই কাম কৰিব লাগিব । তেওঁ ৰাজহুৱা স্থান, বজাৰ-সমাৰ আদিত ভিৰ কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে ৰাইজে ক’ভিড সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা মানি চলা হ’লে এই পৰ্যায়ৰ সৃষ্টি নহ’লহেঁতেন । তেওঁ এতিয়াও ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনায় । আনহাতে জিলাখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষেধকৰ যোগান বৃদ্ধিৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ যিমান পাৰি আহল-বহল ঠাইত লোৱাৰ বাবেও নিৰ্দেশ দিয়ে । লগতে যিসমূহ ঠাইত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই নিৰ্দিষ্ট ঠাইসমূহত পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ক’ভিড ব্যৱস্থাপনাত উন্নয়ন খণ্ড বিষয়াসকলক সক্ৰিয়ভাৱে জড়িত কৰাবলৈও নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে ধৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.