মানৱ বিৱৰ্তনৰ ইতিহাস পৰিবৰ্তন কৰিছে ড্ৰেগন মেনে

0 289

মানৱ বিৱৰ্তনৰ ইতিহাস জোকাৰি যাব পৰা এক সত্য পোহৰলৈ আহিছে।চীনত উদ্ধাৰ হৈছে নতুন প্ৰজাতিৰ মানৱৰ জীৱাস্ম।এই জীৱাস্ম বিধক চীনৰ বৈজ্ঞানিক সকলে ড্ৰেগন মানৱ বুলি অভিহিত কৰিছে।অৱশ্যে এই জীৱাস্ম ২০১৮ চনতো উদ্ধাৰ কৰা হৈছিল।এই সম্পৰ্কে গৱেষকে এক ৰিপৰ্টত প্ৰকাশ কৰে যে এই জীৱাস্ম বিধ আধুনিক মানৱৰ নিকট বংশধৰ ।লগতে কয় যে জীৱাস্ম বিধে ১.৫০ লাখ বছৰীয়া মানৱ বিৱৰ্তনৰ ইতিহাসক সলনি কৰিব।এক ৰিপৰ্টত প্ৰকাশ পোৱা তথ্য অনুসৰি সাধাৰণ মানুহতকৈ ড্ৰেগন মানৱৰ আকাৰ বৃহৎ ।কিয়নো জীৱাস্ম বিধৰ মুখ আৰু দাঁতৰ আকাৰ বৃহৎ ।জীৱাস্ম বিধৰ শোধন কর্তাই প্ৰকাশ কৰা মতে জীৱাস্ম বিধলৈ চালে ৫০ বছৰৰ পুৰণি যেন অনুমান হয়। ড্ৰেগন মানৱে জংগল এলেকাত বাস কৰে বুলি। উল্লেখযোগ্য যে তিব্বতীয় এলেকাত এই জীৱাস্ম বিধ পোৱা গৈছে।জীৱাস্ম বিধ লৈ গৱেষণাৰ প্ৰয়োজন থল আছে বুলি বিজ্ঞমহলে মত প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.