গোলাঘাট জিলাৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ

0 303

গ্ৰীষ্মকালীন বন্ধৰ সময়টো স্থবিৰ হোৱা নাই গোলাঘাট জিলাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা। অনলাইন শিক্ষা পদ্ধতিৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰা শিক্ষাৰ্থী সকলেও বিভিন্ন ধৰণৰ অফলাইন পদ্ধতিৰে গ্ৰহণ কৰি আহিছে সকলো বিষয়ৰ পাঠদান। অতিমাৰীকালীন জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বিগত বছৰৰ দৰে এইবছৰো এপ্ৰিল ২০২১ৰ পৰা বন্ধ ৰাখিবলগীয়া হোৱাত গোলাঘাট জিলা শিক্ষা বিভাগে কিছু ব্যতিক্ৰমী পদক্ষেপেৰে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত হোৱা ক্ষতি পাৰ্যমানে হ্ৰাস কৰাৰ চেষ্টা কৰি আহিছে। বিশেষকৈ গোলাঘাট জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাৰ নিৰ্দেশত বিগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা বিভিন্ন অনলাইন মাধ্যমৰ জৰিয়তে সমগ্ৰ জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰি একাংশ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে।লগতে অনলাইন ব্যৱস্থাই ঢুকি নোপোৱা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক- শিক্ষয়িত্ৰীসকলে ঘৰে-ঘৰে গৈ সম্পূৰ্ণ কোভিড বিধি পালন কৰি পাঠদান কৰি আহিছে । তদুপৰি বিদ্যালয়ে-বিদ্যালয়ে তথা গাঁও আৰু চহৰ অঞ্চলৰ চুকে-কোণে দ্ৰপ বাকচৰ সহায়ত গৃহ কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ অবিৰত মূল্যায়নৰ লগতে শৈক্ষিক সমল আদান-প্ৰদানৰ সু-ব্যৱস্থা জিলাখনৰ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত কৰা হয়।এই প্ৰক্ৰিয়া গোলাঘাট পূব শিক্ষাখণ্ডত আৰম্ভ কৰি ক্ৰমাৎ সমগ্ৰ জিলাখনলৈ বিয়পাই দিয়া হৈছিল। এই ব্যৱস্থাত শেহতীয়াকৈ সংযোজিত কৰা হ’ল এক ‘ছেমি-অনলাইন প্ৰক্ৰিয়া’। ২০২১ চনৰ ১০ মে’ তাৰিখৰ পৰা গোলাঘাট পূব শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ বৰুৱাৰ দ্বাৰা নিজৰ খণ্ডত পৰীক্ষা মূলকভাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰি এতিয়া সমগ্ৰ জিলাখনলৈ সফলতাৰে আগবঢ়াই নিয়া হৈছে। এই প্ৰক্ৰিয়াত বিভিন্ন মণ্ডলৰ অধীনত মাতৃগোটৰ শিক্ষিতা সদস্যাসকল, শিশু সকলৰ চুবুৰীৰ শিক্ষিত যুৱক- যুৱতী, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাই স্বেচ্ছাই শিক্ষাবাহক, শিক্ষা সেৱক, এঞ্জেল এডুকেটৰ নাম লৈ যথেষ্ট উৎসাহেৰে বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগত অনলাইন মাধ্যমেৰে একোটিকৈ পাঠৰ পাঠদান প্ৰক্ৰিয়াৰ লগত পৰিচিত হৈ অফলাইন মাধ্যমত ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি আহিছে। ইতিমধ্যে সমগ্ৰ জিলাখনত অনলাইন আৰু এই ব্যৱস্থাৰ জৰিয়তে আশী শতাংশতকৈও অধিক ছাত্ৰ-ছাত্ৰীক সফলতাৰে সাঙুৰি লোৱা হৈছে। জিলা শিক্ষা বিভাগৰ আহ্বান ক্ৰমে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলেও এই ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে। তদুপৰি নতুন নতুন উদ্ভাৱনীমূলক চিন্তা সমূহৰ আদান-প্ৰদানেৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ নেতৃত্বত প্ৰতি সপ্তাহত মণ্ডল ভিত্তিক, খণ্ড ভিত্তিক আৰু জিলা ভিত্তিক পৰ্যালোচনা সভা ক্ৰমে বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে নিয়মিত ৰূপত গুগল মিটৰ জৰিয়তে অনুষ্ঠিত কৰি আহিছে ।
এই আলোচনাত ক্ষেত্ৰভিত্তিক সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰো সমাধানৰ প্ৰচেষ্টা চলোৱা হয়। ইয়াৰে প্ৰথমখন জিলা সভাত পূব শিক্ষাখণ্ডৰ বিষয়া গৰাকীয়ে নিজৰ শিক্ষকতা কৰাৰ দিনত প্ৰয়োগ কৰা ছাত্ৰ-ছাত্ৰীৰ স্ব-মূল্যায়নৰ ব্যৱস্থা এটিৰ বিষয়ে উল্লেখ কৰে, য’ত একোটা পাঠৰ শিক্ষকে বাছি দিয়া শিকণ অৰ্হতা অনুযায়ী কি, কিয় আৰু কেনেকৈ ব্যৱহাৰেৰে চাৰি-পাঁচটা প্ৰশ্ন শিক্ষাৰ্থীসকলক সাজি উত্তৰ লিখিবলৈ দিয়া হয় যাৰ দ্বাৰা শিক্ষাৰ্থী সকলৰ শিকণ ফলাফল মূল্যায়ন কৰা হয়। এতিয়া উক্ত পদ্ধতিৰে ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকলৰ মূল্যায়নৰ ব্যৱস্থাও পূব শিক্ষাখণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে জিলাখনৰ পূব শিক্ষাখণ্ডত প্ৰত্যেক বৰ্ষতে অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিবিৰৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ মাজত মুঠ ১৪ টা শিতানত সুকীয়া-সুকীয়াকৈ খণ্ড ভিত্তিক সাহিত্য প্ৰতিযোগিতা ২৪ মে’ ২০২১ৰ পৰা ৬ জুন ২০২১ৰ ভিতৰত সফলতাৰে সম্পন্ন কৰা হয় আৰু ক্ৰমে সমগ্ৰ জিলাখনৰ প্ৰতি শিক্ষাখণ্ডলৈ প্ৰসাৰিত কৰাৰ সিদ্ধান্ত শেহতীয়া জিলা পৰ্যালোচনা সভাত লোৱা হয়।

Leave A Reply

Your email address will not be published.