গ্ৰাম্য পৰ্যটনক অন্যমাত্ৰা প্ৰদান কৰিছে কনকা ভিলেজ ৰিজৰ্টে

0 381

গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন পূৰ্বৰ তুলনাত ক’ব নোৱাৰাকৈয়ে যথেষ্ট আগবাঢ়িছে ।সেয়েহে সময়ে সময়ে গ্ৰাম্য পৰ্যটনে প্ৰসাৰ লাভ কৰা বাতৰি পোৱা যায়।ইয়াৰ ভিতৰত বৰ্তমান সময়ত চৰ্চা লাভ কৰা কনকা ভিলেজ ৰিজৰ্ট অন্যতম ।তেজপুৰ চহৰৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ নিলগত হুগ্ৰীজুলি নামৰ ঠাইখনত এই ৰিজৰ্টখন অৱস্থিত।আচামিকা এগ্ৰ’ প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা এই ৰিজৰ্টখনত আছে সম্পূৰ্ণ অসমীয়া গ্ৰাম্য পৰিবেশ।দীঘলীয়া বাটচ’ৰা, খেৰি ঘৰ, বাঁহ,বেতৰ কাঠৰ আচবাবে ৰিজৰ্টখনক অন্য মাত্ৰা প্ৰদান কৰিছে ।ইয়াৰ উপৰিও ৰিজৰ্ট খনত আছে চুইমিং কৰিব পৰা ব্যৱস্থা, বিভিন্ন খেলত অংশ ল’ব পৰা সুবিধা, আৰু মাছ ধৰি বনাই খাব পৰা সুবিধা ।জানিব পৰা মতে ৰিজৰ্টখনলৈ স্থানীয় ঠাইৰ উপৰিও ফ্ৰান্স, ব্ৰাজিল, নেদাৰলেণ্ড, চীনৰ, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও পৰ্যটক আহে।তেওঁলোকে ৰিজৰ্টত অসমীয়া আহাৰৰ জুতি লয়।উল্লেখযোগ্য যে ৰিজৰ্টত ব্যৱহাৰ হোৱা প্ৰায়বোৰ খাদ্যসম্ভাৰ তেওঁলোকৰ বাৰীত উপলব্ধ অথবা ওচৰৰ গাৱৰ কৃষকৰ পৰা ক্ৰয় কৰা।গ্ৰাম্য পৰ্যটনক এক নতুন মাত্ৰা দিবলৈ সক্ষম হোৱা কনকা ভিলেজ ৰিজৰ্টে নিসন্দেহে ইতিবাচক ইংগিত বহন কৰিছে।

Leave A Reply

Your email address will not be published.