গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিভাগে নিগমৰ এনফৰ্চমেণ্ট বিভাগ , গুৱাহাটী মহানগৰ আৰক্ষী , কামৰূপ মহানগৰ জিলা পশুপালন বিভাগ , খাদ্য সুৰক্ষা বিভাগৰ সহযোগত আজি অভিযান চলোৱা হয়। জালুকবাৰী , সাতমাইল, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথ, বৰাগাঁও চাৰিআলি, উলুবাৰীৰ এ এম ৰোড, পাণ্ডুৰ বৰা বাজাৰ, কলেজগেট, ৰেলৱে বজাৰ, পাণ্ডু বন্দৰ পথ আদি অঞ্চলত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে মুঠ ৪৪ খন মাছ – মাংস বিক্ৰী কৰা দোকান পৰীক্ষা কৰি যিসকল বিক্ৰেতাই নীতি – নিয়ম উলংঘা কৰি গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত বিক্ৰী কৰিছিল তেঁওলোকৰ পৰা জৰিমণা হিচাপে ১৫,৮০০ হাজাৰ টকা সংগ্ৰহ কৰাৰ লগতে আগন্তক দিনত নীতি মানি চলি গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত নিগমৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াই সদৰি কৰা অনুসৰি পৌৰ নিগম এলেকাত জনস্বাস্থ্যৰ দিশটোক ভেঙুচালি কৰি মাছ, মাংসৰ উপৰিও আন আন খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে তেওঁলোকৰ বিৰূদ্ধে নিগমৰ এই অভিযান চলি থাকিব।