গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন

0 166

ছাত্র ছাত্রীক সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ লগতে তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ কৰা হৈছে। আজি দিছপুৰৰ মন্ত্রী আৱাসত অনুষ্ঠিত এক সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এই কথা প্ৰকাশ কৰে।বিধানসভা সমষ্টি ভিত্তিক এই গ্ৰীষ্মকালীন কৰ্মশালা ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ ২৫২ টা স্থানত অনুষ্ঠিত কৰা হৈছে।এই কৰ্মশালাত নাটক, আবৃত্তি, সত্ৰীয়া নৃত্যৰ লগতে পৰম্পৰাগত লোক নৃত্যৰ প্ৰশিক্ষণ ছাত্র-ছাত্ৰী সকলক প্ৰদান কৰা হ’ব। ১৫ জুলাইৰ পৰা দহ দিনৰ বাবে অনুষ্ঠিতব্য এই কৰ্মশালাৰ বাবে স্হানীয় ভাবে প্ৰশিক্ষক নিয়োজিত কৰা হৈছে। জিলা প্ৰশাসন সমূহৰ সহযোগত প্ৰতিখন জিলাৰে অভিভাবক মন্ত্রী সকলৰ পৰামৰ্শ ক্ৰমে গঠিত এখন সমিতিয়ে এই কৰ্মশালা পৰিচালনা কৰিব।
কৰ্মশালাৰ শেষত ছাত্র -ছাত্ৰী সকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলিও সংবাদ মেলত মন্ত্রী বড়াই জানিবলৈ দিয়ে।সংবাদ মেলখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক বৰ্মন আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষী দাস না তো উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.