আজি দিনত পুৰুষ মহিলা সকলো সমান।উক্ত বাক্য শাৰীক সত্য বুলি প্ৰমাণিত কৰি দৃষ্টান্ত দাঙি দেখুৱাইছে গুৱাহাটীৰ ধনমনি বৰা নামৰ এগৰাকী মহিলাই।উল্লেখযোগ্য যে এই মহিলা গৰাকীয়ে প্ৰথমে ই- ৰিক্সা চালক হিচাপে ৰাইজৰ সেৱা আগবঢ়াইছিল।কিন্তু সম্প্ৰতি ধনমনিয়ে মানুহৰ ঘৰে ঘৰে গৈ ক’ভিডৰ ভেকচিন দিয়ে।ৰোগীয়া,অসুস্থ, বৃদ্ধ যিসকল লোকে কেন্দ্ৰলৈ যাবলৈ অসমৰ্থ তেওঁলোকৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰে ধনমনিয়ে।ধনমনিৰ এই কাৰ্যত সহযোগ কৰিছে এগৰাকী নাৰ্ছে।চিমি নামৰ এক বেচৰকাৰী সংস্থাৰ উদ্যোগত ৰোগীয়া,অসুস্থ আৰু বৃদ্ধ সকলৰ ঘৰে ঘৰে গৈ ভেকচিন দিয়া ব্যৱস্থা হাতত লৈছে।উল্লেখযোগ্য যে এই বেচৰকাৰী সংস্থাটোৱে ভেকচিন প্ৰদানৰ লগতে ক’ভিড মহামাৰী সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে।সংস্থাটোৱে লাষ্ট গেটত স্থাপন কৰিছে ক’ভিড সহায়তা কেন্দ্ৰ।কোনো ইচ্ছুক লোকে ৮৯২৯ ১০০৭৭৬ নম্বৰত মিছ কল দি এই সেৱা গ্ৰহণ কৰিব পাৰিব।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ