আত্মনিৰ্ভৰশীলতা-চ’চিয়েল মিডিয়াত ঢেকীয়া গছৰ খুটাৰ ফটো ভাইৰেল কৰা উদ্যমীজনৰ কথাৰে

0 263

এখন বিশেষ ফটো। ফটোখনত দেখা গৈছে ঢেকীয়া গছৰ খুটাৰে ঘৰ বনোৱা। ঘৰটো খুব ধুনীয়াকৈ সজাই তোলা হৈছে। এই ফটোখনৰ আলমত আমি বিচাৰি  উলিয়াইছিলো এজন বিশেষ যুৱকক। যুৱকজনে যি মুহুৰ্তত ফেচবুক, টুইটাৰ আদিত ফটোখন আপলোড কৰিছিল ,তেতিয়া সকলোৱে আপুৰুগীয়া ঢেকীয়া গছৰ খুটা দেখি অভিভূত হৈছিল।
 
এন ই ফ’কাছ ডট কমৰ তৰফৰ পৰা চলোৱা এক অনুসন্ধানত পোহৰলৈ আহিছিল- সেই ঢেকীয়া গছৰ ফটো আপলোড কৰা যুৱকজন হ’ল পৰাগ জ্যোতি শইকীয়া। ঢেকীয়া গছৰ খুটাৰ সম্পৰ্কে প্ৰশ্ন অৱতাৰনা কৰাত জানিব পৰা গ’ল যে ঢেকীয়া গছৰ খুটাৰে নিৰ্মিত ঘৰটো কংকু পাহাৰত আছে। কোনো মিচিং সম্প্ৰদায়ৰ লোকে  বসবাস কৰিবলৈ আটোমটোকাৰিকৈ ঢেকীয়া গছৰ সেই ঘৰটো সাজি উলিয়াইছে।
 
 
ধেমাজিৰ বৰদলনিৰ সমীপৱৰ্তী অঞ্চলত ঘৰ বনোৱাৰ উপযোগী ওখ ওখ ঢেকীয়া গছ দেখিবলৈ পোৱা যায়। উল্লেখ্য যে পৰাগজ্যোতি শইকীয়া এজন উচ্চশিক্ষিত নিবনুৱা যুৱক। চাকৰিৰ বাবে আশা নকৰি মুগা পালনৰ জৰিয়তে নিজকে স্ব নিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়াস কৰিছে।লকডাউনৰ সময়খিনিত পৰাগ জ্যোতিয়ে ঘৰৰ মুগা পলু প্ৰতিপালনত সময় অতিবাহিত কৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে পৰাগজ্যোতি শইকীয়ায়ে প্ৰায় চাৰিবিঘা মাটিৰ চুমনিত মুগা পালন কৰি আহিছে।
 
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰশীলতাৰ কথা কৈছে সেই সময়ত পৰাগজ্যোতি শইকীয়াই থলুৱা আপুৰুগীয়া সম্পদ সমূহক পৰিচয় কৰাই দি অথবা মুগা পালনৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ আদৰ্শ দেখুৱাইছে।

Leave A Reply

Your email address will not be published.