চলিত বৰ্ষৰ এমুঠি ইতিবাচক খবৰ

0 265
ঘড়ীৰ কাটাই সংকেত দিছে, ২০১৭ বৰ্ষই বিদায় মাগিবলৈ কেই ঘণ্টামান বাকী আছে। আজি আমি চকু ফুৰাব বিচাৰিছো চলিত বৰ্ষত প্ৰতিফলিত হোৱা কিছু ইতিবাচক খবৰৰ বিষয়ে। ইতিমধ্যে সফলতাৰ খতিয়ান বিভিন্ন কাকত, চেনেলত সম্প্ৰচাৰ হৈছে যদিও আজি আমি দৃষ্টি দিব বিচাৰিছো ২০১৭ বৰ্ষত সংবাদ সেৱাৰ লগত জৰিত হৈ অনুভৱ হোৱা কিছু ইতিবাচক খবৰৰ বিষয়ে।
PicsArt_12-30-08.23.06
পোন প্ৰথমে জনাব বিচাৰিছো, কৰ্ম সংস্কৃতিৰ বিষয়ে। অসমীয়া লোকসকল এলেহুৱা বুলি বহুতে মন্তব্য কৰা বিপৰীতে চৰকাৰী অফিচত দেখা গৈছে কৰ্ম তৎপৰতা। বেছি দূৰলৈ দৃষ্টি নিদিলেও আপুনি যদি ঘৰৰ কাষৰ চৰকাৰী বিদ্যালয়খন প্ৰত্যক্ষ কৰে, নিশ্চয়কৈ আপ্ত শব্দ কেইটা বোধগম্য হ’ব।
দ্বিতীয়তে ক’ব বিচাৰিছো, উদ্যমীৰ বিষয়ে।  আমাৰ মাজত উদ্যমী সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। নৱ প্ৰজন্মই আজিৰ দিনত নিজকে উদ্যমী বুলি পৰিচয় দিবলৈ  কুণ্ঠাবোধ নকৰে। ই অতিকে শুভ লক্ষণ।
তৃতীয়তে দেখা গৈছে সামাজিক মাধ্যম যেনে ফেচবুক, হুৱাট এপটো সাহিত্যৰ চৰ্চাৰ জোৱাৰ উঠিছে। ই আলোচনী, নিউজ প্ৰ’ৰ্টেল সংখ্যা ক্ৰমাগত বৃদ্ধি পাইছে। আটাইতকৈ ডাঙৰ কথা বহুতো সামাজিক আলোচনা, গঠনমুলক কাম চ’চিয়েল মেডিয়াৰ জৰিয়তেও হৈছে। 
চতুৰ্থতে, পূৰ্বৰ তুলনাত দুৰ্নীতি কিছু হ’লেও হ্ৰাস পাইছে। উৎকোচ ল’বলৈ বা দিবলৈ মানুহে ভয় খোৱা হৈছে। 
পঞ্চমতে, পূৰ্বৰ তুলনাত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহুতো ব্যক্তি বিশেষ, সংগঠন মুকলিকৈ ওলাই আহিছে।
এয়া আছিল চলিত বৰ্ষত দৃষ্টিগোচৰ হোৱা কিছু ইতিবাচক অনুভৱ। এনেধৰণৰ ভাল কামে, ইতিবাচক বাৰ্তাই সমাজত এক নতুন দিগন্তৰ সুচনা কৰে। আহক অনুভৱ কৰো, কিছু ভাল লগা কামক, শ্বেয়াৰ কৰি বিলাই দিওঁ ইজনে সিজনক।
Leave A Reply

Your email address will not be published.