ভাল খবৰৰ সমাহাৰে

0 245

WhatsApp Image 2017-12-29 at 4.58.29 PM

কেন্দ্ৰীয় ৰেচম বোৰ্ড, বস্ত্ৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু আন্ত:ৰাষ্ট্ৰীয় বন্য ৰেচম পলু সমিতি জাপানে যুটীয়াভাৱে গুৱাহাটীত ৮ম বন্য ৰেচম পলুৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰদৰ্শনী অহা ২২ জানুৱাৰীৰ পৰা মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজন কৰিছে। এই সন্মিলনখনত বিভিন্ন দেশৰ গৱেষক, বৈজ্ঞানিক, বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ৰেচম বিভাগে আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলক তথা নিৱনুৱাসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে এনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা বুলি সদৰী কৰে বৈজ্ঞানিক বি.এন. চৌধুৰীয়ে। আজি হোটেল লিলিত আয়োজন কৰা এক সংবাদমেলত চৌধুৰীয়ে কয় যে ইতিমধ্যে ৩০০ প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে নাম পঞ্জীয়ণ কৰিছে। সন্মিলনখনৰ দ্বাৰা উত্তৰ পূবৰ বস্ত্ৰ উদ্যোগলৈ এক সুখবৰ কঢ়িয়াই আনিব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে।

WhatsApp Image 2017-12-29 at 4.59.27 PM

আনহাতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ল বিগত বৰ্ষত আশাৰ বাৰ্তা বিলোৱা কিছু খবৰ, কিছু চিন্তাৰ পৰ্য্যালোচনা। বিবেকানন্দ কেন্দ্ৰ গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ বিভিন্ন বিভাগৰ ইতিবাচক কামৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থাকে দৈনিক জনমভূমি সম্পাদক উৎপল বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্যকাম বৰঠাকুৰ আৰু বিভিন্ন বিশেষজ্ঞ। বিশেষকৈ দুৰ্নীতি নিবাৰণ, অসমীয়াগিৰি জাগ্ৰত হোৱা প্ৰসংগ গ্ৰহণ কৰা, জনসংখ্যাৰ নীতি প্ৰস্তুত কৰা, চৰকাৰে জন্ম নিয়ন্ত্ৰণ আৰু চাকৰিৰ সময় সূচী পৰিৱৰ্তন কৰা, সীমান্ত চীল কৰা সম্পৰ্কত গুৰুত্ব আৰোপ কৰা, অসম আন্দোলনৰ শ্বহীদ পৰিয়াল তথা শ্বহীদ সাংবাদিকৰ পৰিয়ালক সাহাৰ্য্য দিয়া, শ্বহীদ সমাধিক্ষেত্ৰ নিৰ্মাণ আৰু পৌৰাণিক সমল সমূহক সুৰক্ষা দিয়া, গুণোৎসৱ অনুষ্ঠিত কৰা, ৰসৰাজৰ সম্বলপুৰৰ বাসভৱন সংৰক্ষণ কৰা, ঢলা শদিয়াৰ দলং, ড০ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা, শৰাইঘাটৰ দ্বিতীয় দলং মুকলি কৰা অন্যতম। উল্লেখ্যযোগ্য যে সাহিত্য, বিজ্ঞান, অৰ্থনীতিৰ ক্ষেত্ৰত বহুতো ইতিবাচক কামৰ সন্দৰ্ভত বিভিন্নজনে বক্তব্য আগবঢ়ায়।

Leave A Reply

Your email address will not be published.