চানমাৰিত অনুষ্ঠিত হ`ব পৰিবহণ বিভাগৰ পথ-সুৰক্ষা সজাগতা অনুষ্ঠান

0 203

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গাড়ীচালনাত তীব্ৰ গতিবেগ পৰিহাৰৰ লগতে দুচকীয়া গাড়ীৰ চালক-যাত্ৰী উভয়ে হেলমেট পৰিধানৰ উপৰি বনভোজৰ সময়ত যাতে চালকে সুৰাপান কৰি গাড়ী নচলায়, বিশেষকৈ অহা ৩১ ডিচেম্বৰত ৰাজ্যত যাতে এটাও পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আৰু শীতকালত ঘন কুৱলীয়ে আবৃত পথত সুৰক্ষিতভাৱে গাড়ীচালনাকে ধৰি বিভিন্ন ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিয়ম সন্দৰ্ভত জনসাধাৰণক মাজত সজাগতা সৃষ্টিৰ কৰাৰ বাবে
আজি মহানগৰীৰ চানমাৰিৰ উৰণীয়া সেতুৰ ইউ টাৰ্ণত এক পথ-সুৰক্ষা সজাগতা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত তথা সহকাৰী পৰিবহণ আয়ুক্ত আৰু অতিৰিক্ত দায়িত্ববাহী মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ তত্বাবধানত অনুষ্ঠিত হ’বলগীয়া সজাগতা সভাখনত জ্যোতি চিত্ৰবনৰ অধক্ষ্য বিদ্যাসাগৰ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পৰিবহণ বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গ তথা অন্যান্য ক্ষেত্ৰৰ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আজি বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সজাগতা অনুষ্ঠানটোৰ পৰিবহণ বিষয়া গৌতম দাসে সকলোৰে সহযোগিতা কামনা কৰিছে।

Leave A Reply

Your email address will not be published.