গুৱাহাটীৰ লখৰাৰ সমীপৰ সোণাইঘুলি নিবাসী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এইবেলি এম ডি ( পেথ’লজী ) পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বাবে মেধাৱী ছাত্ৰী ডাঃ উপাসনা কলিতাক ২৮ জুনৰ সন্ধিয়া নিজ বাসগৃহত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত হৈ সম্বৰ্ধনা জনায় । বিধায়ক কলিতাই ডাঃ উপাসনা কলিতাৰ উজ্বল ভৱিষ্যত কামনা কৰি আগন্তক দিনত যাতে তেওঁ মানৱ সেৱা আগবঢ়াই সমাজক উপকৃত কৰিব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানটোত গুৱাহাটী পৌৰ নিগমৰ স্থানীয় পাৰিষদ বিজু মেধি , সমাজকর্মী নকুল কলিতা , উপাসনাৰ পিতৃ তথা অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডঃ ভূমিধৰ কলিতা , মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী ৰেণু ডেকা কলিতাকে ধৰি কিছুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে সৰু কালৰে পৰা মেধাৱী ছাত্ৰী হিচাপে সুনাম থকা ডাঃ উপাসনা কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন