চিত্ৰগৃহত সগৌৰৱে চলিছে ৰঙাটাপু-১৯৮২-মুক্তিৰ তিনিদিনত ৩৮ লাখ টকাৰ ব্যৱসায়ঃ দৰ্শনীৰ সংখ্যা দুগুণ বৃদ্ধি

0 139

ৰাজ্যৰ চৌদিশে এতিয়া৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ উৎসৱমুখৰ পৰিৱেশ৷ তাৰ মাজতে বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ ছবিখন যোৱা ২৪ নৱেম্বৰত মুক্তিলাভ কৰে৷ মুক্তিৰ প্ৰথম দিনাই কমসংখ্যক দৰ্শনীৰ পাছতো ছবিখনে ৮.৫ লাখ টকাৰ ব্যৱসায় কৰে৷ পাছৰ দিনদুটাতো দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰগৃহৰ কতৃপক্ষই দৰ্শনীৰ সংখ্যা বৃদ্ধি কৰা পলিৰক্ষিত হৈছে৷ ছবিখনিৰ প্ৰচাৰ উপদেষ্টা হেমন্ত শৰ্মাই জানিবলৈ দিয়ামতে যোৱা তিনিটা দিনত ছবিখনে সৰ্বমুঠ ৩৮ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, ছবিখনি মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ছ’চিয়েল মিডিয়াত হোৱা ইতিবাচক ‘মাউথ পাব্লিচিটি’ৰ বাবে ব্যাপক চৰ্চা হৈছে৷ বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া৷ চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে ক্ৰমে– আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগিৰথী, হেমন্ত দেৱনাথ, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে৷

Leave A Reply

Your email address will not be published.