চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

0 309

দক্ষিণ কামৰূপৰ অগ্ৰণী শিক্ষনুষ্ঠান কুকুৰমাৰাস্থিত ৰোহিনী কুমাৰ চৌধুৰী হাইস্কুল ১৯৩৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গঠন হোৱা শৃংখল নামৰ অনুষ্ঠান এটিয়ে উক্ত স্কুলতে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।প্ৰতিযোগিতাৰ শেষত বিজয়ী সকলৰ মাজত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।শৃংখলৰ সভাপতি অমিতাভ চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখন পৰিচালনা কৰে শৃংখলৰ সদস্য তথা নিউজ লাইভৰ সাংবাদিক ভগৱান দাসে।বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত কলিতা, প্ৰধান শিক্ষয়িত্ৰী জুৰি দাস, পুঠিমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বিনিমা চৌধুৰী, কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ সহায়ক বসুদেৱ দাস, বিশিষ্ট ব্যক্তি পূৰ্নেশ্বৰ দাস আদি কৰি কেবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।শেষত বঁটা প্ৰাপক সকলক বঁটা প্ৰদানেৰে অনুষ্ঠান সামৰণি পৰে।

Leave A Reply

Your email address will not be published.