চিমেন চাপৰিত অসম বন কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত বন মহোৎসৱ পালন

0 158

অসম বন কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি চিমেন চাপৰিত ৭২ সংখ্যক বন মহোৎসৱ পালন কৰা হয়। ধেমাজি বন সংমণ্ডলৰ অন্তৰ্গত তেলাম বন উপ খণ্ডৰ চিমেন চাপৰিস্থিত সাহিত্য মনিষী উপবনত গছপুলি ৰোপণ, আলোচনা চক্ৰ কাৰ্য্যসূচীৰে পহিলা জুলাইৰ পৰা সাত জুলাইলৈকে উদযাপিত হ’বলগা বন মহোৎসৱৰ আজি শুভাৰম্ভ কৰে সংযুক্ত বড়ো গণ মঞ্চ( ইউবিপিঅ)ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে। অনুষ্ঠানৰ পুৱা ৯ বজাত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে চিমেন চাপৰিস্থিত সাহিত্য মনিষী উপবনত গছপুলি ৰোপনৰ দ্বাৰা সপ্তাহজোৰা বন মহোৎসৱৰ কাৰ্য্যসূচী উদ্ধোধন কৰা গছপুলি ৰোপন কাৰ্য্যসূচীত জিএনএছএমৰ সাধাৰণ সম্পাদক তোলন সোনোৱাল, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, জনপ্ৰিয় কন্ঠশিল্পী মৌচম গগৈ, গৌতম কোঁৱৰ, অসম বন কৰ্মচাৰী সন্থাৰ উপ সভাপতি ইন্দ্ৰ গগৈ, ধেমাজি শাখা বন কৰ্মচাৰী সন্থাৰ সভাপতি ভূপেন দেউৰী, সম্পাদক হোমেন চেতিয়া,সহকাৰী সম্পাদক হেমচন্দ্ৰ পাঞাংকে ধৰি কেবাজনো বন বিষয়াই বিভিন্ন প্ৰজাতিৰ কৃঞ্চচুড়া,ৰাধাচুড়া গছপুলি ৰোপণ কৰে।
ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা চিমেন চাপৰি বন শিবিৰত ধেমাজি শাখা বন কৰ্মচাৰী সন্থাৰ সভাপতি ভূপেন দেউৰীৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ধেমাজি শাখা বন কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক হেমচন্দ্ৰ পায়েঙে কয় উদ্যোগীকৰণ,নগৰীকৰণ,গৰাখহনীয়া,বনাঞ্চল ধ্বংসৰ ফলত বনাঞ্চল সংকোচন হৈ আহিছে যাৰফলত প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি ইয়াৰ পৰিপূৰক হিচাপে জীৱকূলৰ বাবে জীৱনদায়িনী অক্সিজেনৰ উৎপাদনী মূল উৎস বৃক্ষ ৰোপনৰ বিকল্প নাই বুলি কৈ ধৰনীখন সেউজী কৰি ৰাখিবলৈ বন মহোৎসৱৰ পালনৰ জৰিয়তে গছপুলি কৰা হৈছে বুলি বক্তব্যত কয়। অনুষ্ঠানত উপস্থিত থাকি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে দেশৰ লগতে বিশ্ব পাৰিপাৰ্শ্বিক দিশৰ ওপৰত লক্ষ্য ৰাখি ভাৰতৰ ভূতপূৰ্ব কৃষি আৰু খাদ্য মন্ত্ৰী কে এম মুঞ্চিয়ে ১৯৫০ চনৰ পহিলা জুলাইত পৰিৱেশ সুৰক্ষাৰ বাবে দিল্লীৰ ৰাজঘাটত এজোপা গছপুলি ৰোপন কৰিছিল আৰু তেতিয়াৰ পৰাই দেশে বন মহোৎসৱ পালন কৰি আহিছে বুলি কৈ উপযুক্ত পৰিৱেশত মানৱ সমাজ তথা জীৱকূল বাচি থাকিবলৈ বৃক্ষৰোপন কৰোৱাৰ ওপৰত শিক্ষানুষ্ঠান সমুহত সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে।
জনপ্ৰিয় কন্ঠশিল্পী মৌচম গগৈ, গৌতম কোঁৱৰেও পৰিৱেশ ভাৰসাম্যতা সৃষ্টিৰ বাবে বৃক্ষ ৰোপন কৰোৱাৰ ওপৰত সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এইক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। অসম বন কৰ্মচাৰী সন্থাৰ উপ সভাপতি তথা তেলাম বন খণ্ড বিষয়া ইন্দ্ৰ গগৈয়ে কয় বন বিভাগৰ ধেমাজি সংমণ্ডলত পূৰ্বতে কাৰ্য্যনিৰ্বাহ কৰি যোৱা উচ্চ পৰ্যায়ৰ বন বিষয়াই সংঘটিত কৰা দুৰ্নীতি-অনিয়মৰ ঘটনাই বৰ্তমানৰ কৰ্মৰত বন কৰ্মচাৰী সকলকো বহু ক্ষেত্ৰত হেয়প্ৰতিপন্ন কৰোৱাৰ মনোভাৱ পোষণ কৰি আহিছে বুলি উল্লেখ কৰি ধেমাজিৰ পৰাই বন বিভাগটোক নিকা আৰু কাৰ্য্যক্ষম কৰি তোলাৰ আহ্বান জনাই বন বিভাগৰ আন্তঃগাঁথনি বৰ্তমানেও নিৰ্মাণ নোহোৱাকৈ থকা বুলি বক্তব্যত কয়। অনুষ্ঠানত বন বিভাগৰ জোনাই বনাঞ্চিক কাৰ্য্যলয়ৰ বন দ্বীপৰ হাজৰিকা, লেকু খণ্ড বন বিষয়া তাৰানাথ তামুলী, তিনিমাইল খণ্ড বিষয়া বীৰেণ বৰুৱা, জয়ৰামপুৰ খণ্ড বন বিষয়া লেখন শৰ্মা,ডিমৌ খণ্ড বন বিষয়া পদ্মধৰ টায়ে, গোগামুখ খণ্ড বন বিষয়া দেৱব্ৰত গগৈ, বিপিন হাজৰিকা, সোঁৱণশিৰি খণ্ড বন বিষয়া কৃঞ্চ গগৈ,জ্যেষ্ঠ বনকৰ্মী জ্যোতিষ দলে উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.