ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু চিৰাং জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি ভূমিকম্প দুৰ্যোগৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ বিপদকালীন আখৰা অনুষ্ঠিত কৰে। দিল্লী পাব্লিক স্কুল, বি জি আৰ টাউনশ্বিপ, আই অ’ চি এল-বি জি আৰ প্ৰশাসনিক ভৱন, জিলা পৰিবহণ কাৰ্যালয় ভৱন, চিৰাং আৰক্ষী সংৰক্ষিত কৰ্মচাৰী কোৱাৰ্টাৰ আৰু জে এছ বি অসামৰিক চিকিৎসালয় আদি স্থানসমূহ ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে বাছনি কৰা হয়।পুৱা ৯.০৬ বজাত ভূমিকম্পৰ সংকেত ধ্বনি বজোৱাৰ লগে লগে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ, ষ্টেজিং এৰিয়া, ইঞ্চিডেণ্ট কমাণ্ড পোষ্ট, মেডিকেল ইত্যাদি সকলো সক্ৰিয় কৰা হয়। লগে লগে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, অগ্নিনিৰ্বাপক দল, এছ ডি আৰ এফ, চিকিৎসা দল আৰু অন্যান্য দ্ৰুত উদ্ধাৰকাৰী দল আদি সংশ্লিষ্ট এলেকাত সংগঠিত কৰা হয়।ঘটনাস্থলীত স্থাপন কৰা চিকিৎসা সাহায্য চকীত আহত ৰোগীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে গুৰুতৰভাৱে আহত ৰোগীসকলক জে এছ বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। উক্ত মেগা ইভেণ্টত জিলা প্ৰশাসনৰ উপৰিও এছ এছ বি, এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, আই অ’ চি এল বি জি আৰ, চি আই এছ এফ, লাইন বিভাগৰ বিষয়া, ৰাজ্যিক আৰক্ষী, সামূহিক স্বেচ্ছাসেৱক আদিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।উক্ত বিপদকালীন সংকট মোচন আখৰাৰ বাবে চি আই এছ এফ, এছ এছ বি, আই অ’ চি এল-বিজিআৰ কৰ্তৃপক্ষৰ পৰাও স্বতন্ত্ৰ পৰ্যবেক্ষক নিযোগ কৰে আৰু সেই অনুসৰি পৰ্যালোচনা বৈঠকত তেওঁলোকৰ পৰ্যবেক্ষণ দাখিল কৰে ।এই অনুশীলন সকলো অংশীদাৰৰ বাবে নতুন কথা শিকিবলৈ, ত্ৰুটি-নতি চিনাক্ত কৰিবলৈ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক ডাঙৰ শিক্ষণ সুযোগ হৈ পৰিছে যিয়ে বাস্তৱ পৰিস্থিতিৰ সময়ত সকলো অংশীদাৰৰ মাজত মসৃণ সমন্বয় নিশ্চিত কৰিব।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন