কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটেলিয়ানৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত ২১ জুনত দিবা – নৈশ কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড মোহন, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ , চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বাহিনীটোৰ বিষয়া – জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয় । সন্মিলনত সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । তেওঁ চি আৰ পি এফ বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায় । সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ উপ মহা পৰিদৰ্শক অনিল কুমাৰ ধ্যানি আৰু তেওঁৰ সহধৰ্মীনি , কমাডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে সাংস্কৃতিক কাৰ্যসূচীত বাহিনীটোৰ কেবাজনো বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সন্তানে দেশপ্ৰেমমূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি