নতুন দিল্লীস্থিত চীন দূতাবাসৰ পৰা পাঁচজনীয়া এটা কুটনীতিবিদৰ দলে আজি কটন বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। দলটোত উপস্থিত থকা কূটনীতিকসকল আছিল — কাউন্সেলৰ সুশ্ৰী ইয়াং চিউহুৱা, ফাৰ্ষ্ট চেক্ৰেটাৰী ঝাং হাইলিন, থাৰ্ড চেক্ৰেটাৰী ক ফাং বিন, এটাচী দাই জেৰুই আৰু এটাচী সুশ্ৰী লি চিনিয়ান। আনহাতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ সৈতে প্ৰতিনিধি দলটোৰ সৈতে উপাচাৰ্য কাৰ্যালয়ৰ প্ৰশাসনিক ভবনৰ সভাগৃহত এক বৈঠক অনুষ্ঠিত হয়।বৈঠকত উপাচাৰ্যৰ সৈতে উপস্থিত থাকে ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক সুদীপ্তা নন্দী, গৱেষণা আৰু উন্নয়ন বিভাগৰ ডীন অধ্যাপক শান্তনু শৰ্মা,ছাত্ৰ কল্যাণ বিভাগৰ ডীন অধ্যাপক ঈশান কলিতা, আই কিউ আই চিৰ সঞ্চালক ডঃ হীৰেন ডেকা আৰু ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ডঃ প্ৰশান্ত শৰ্মা । বৈঠকত মূলত শৈক্ষিক সহযোগিতা, ছাত্ৰ বিনিময় আৰু কটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চীনা বিশ্ববিদ্যালয়সমূহৰ সৈতে সম্পৰ্ক স্থাপনৰ সম্ভাৱনাৰ বিষয়ত মত – বিনিময় কৰা হয়। পৰৱৰ্তী সময়ত কূটনীতিকসকলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চীন দেশ, চীনৰ ভাষা আৰু চীনত উচ্চশিক্ষা লাভ কৰাৰ সম্ভাৱনাত গভীৰ আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলে এই মত – বিনিময় কাৰ্যসূচীত ভাগ লয়। দূতাবাসৰ বিষয়াসকলে চীনৰ উচ্চশিক্ষা ব্যৱস্থা, বৃত্তিৰ সুবিধা আৰু সাংস্কৃতিক বিনিময় কৰ্মসূচী পৰিচয় কৰাই দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসমূহৰো উত্তৰ দিয়ে। কাৰ্যসূচীত কটন বিশ্ববিদ্যালয়ৰ বহু অধ্যাপক – অধ্যাপিকা উপস্থিত থাকে।উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীত অত্যধিক শুল্ক আৰোপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক চীন দেশ ভ্ৰমণৰ আগমূহুৰ্তত হঠাতে চীন দূতাবাসৰ পাঁচজনীয়া কুটনীতিকৰ দলটোৰ গুৱাহাটী ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি একাংশ লোকে ব্যক্ত কৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন