চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনি সমূহক সফল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

0 266

ৰাজ্যৰ কৃষি খণ্ডই নিবনুৱা সকললৈ আশাৰ সংকেত কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ৰাজ্যৰ পঞ্চায়তৰ সভাপতি আৰু সচিব সকলৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক গেষ্ট হাউচৰ পৰা এক অডিঅ’ কনফাৰেন্সৰ যোগেদি বাৰ্তালাপ মিলিত হয়।
 
অসমৰ গ্ৰাম্যাঞ্চল সমূহৰ সুশাসন প্ৰতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে ঐক্যৱদ্ধ হৈ কাম কৰি আছো আৰু কৰি যাম। চৰকাৰে প্ৰৱৰ্তন কৰা কল্যাণকামী আঁচনি সমূহৰ যাতে কোনোধৰণৰ খেলিমেলি নহয় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে পঞ্চায়তৰ সভাপতি সকলক আহ্বান জনায়।
 
গ্ৰাম্যাঞ্চলৰ দুখীয়া জনসাধাৰণক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰতিখন  পঞ্চায়তকে আত্মসহায়ক গোটৰ পৰা ২০০০খনকৈ মাস্ক কিনিবলৈ নিৰ্দেশ দিয়ে। ক’ভিড১৯ৰ ফলত দেখা দিয়া অৰ্থনৈতিক প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি তেখেতে কয় যে এম জি এনৰেগাৰ সঠিক ৰূপায়ণ কৰি বিনামূলীয়া চাউল বিতৰণত যাতে কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.