চৰকাৰৰ পদক্ষেপক নেচাৰ্ছ বেকনৰ আদৰণি

0 268

ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুুৰ বৰ্ষাৰণ্যৰ সমীপত আজি প্ৰকৃতিপ্ৰেমী সমবেত হৈ এক প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰে। দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ ১১১. ০৯ বৰ্গকিলোমিটাৰৰ পৰা ৫০০ বৰ্গকিলোমিটাৰলৈ বৃদ্ধিৰ দাবীৰে ‘নেচাৰ্ছ বেকন’ৰ আহ্বানত জয়পুৰ অঞ্চলত বিভিন্ন প্ৰকৃতিপ্ৰেমী সমবেত হৈ এই কাৰ্যসূচী ৰূপায়ন কৰে।
 
 
উল্লেখ্য যে ১৯৯৯ চনৰ পৰা নেচাৰ্ছ বেকনৰ ধাৰাবাহিক আন্দোলনৰ ফলত ২০০৪ চনত দিহিং পাটকাইক অভয়াৰণ্য হিচাপে চৰকাৰে স্বীকৃতি দিছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰিছে।
 
‘নেচাৰ্ছ বেকনে’ অসম চৰকাৰৰ এই ঘোষণাক আদৰণি জনাইছে যদিও দিহিং পাটকাই অভয়াৰণ্যক সুৰক্ষা দিয়াৰ স্বাৰ্থত ইয়াৰ পৰিসৰ বৰ্তমানৰ অৱস্থাৰ পৰা ৫০০ বৰ্গকিলোমিটাৰলৈ বৃদ্ধিৰ দাবী জনাইছে। দিহিং পাটকাই অভয়াৰণ্যৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ পদক্ষেপক ইতিবাচক আখ্যা দিছে সংগঠনটোৰ সঞ্চালক, বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই।জয়পুৰ বৰ্ষাৰণ্য অঞ্চলটোক ‘দিহিং পাটকাই অভয়াৰণ্য’ৰ অন্তৰ্ভুক্তৰ দাবী জনাইছে সৌম্যদ্বীপ দত্তই।

Leave A Reply

Your email address will not be published.