চৰাইদেউ জিলা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

0 81

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক শেহতীয়া নিৰ্দেশনা মৰ্মে ১ জানুৱাৰী, ২০২৫ক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি চৰাইদেউ জিলা পঞ্চয়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত লাকুৱা, সাপেখাতি, সোণাৰি আৰু মাহমৰা আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা, ২০২৪ আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত বিস্তৃতভাবে অবগত কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত তথা আৰক্ষী অধীক্ষক সুৰজীৎ সিং পানেছৰৰ উপস্থিতিত জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিবৰ্গ, এ আৰ অ’, এ ই আৰ অ’ আৰু পঞ্চায়তসমূহৰ সচিবসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।

ফটোবিহীন খচৰা ভোটাৰ তালিকা অনুসৰি চৰাইদেউ জিলাৰ পঞ্চায়তসমূহৰ মুঠ ২,৯১,৬৩৪ ভোটাৰৰ ১,৪৪,১১২ গৰাকী পুৰুষ, ১,৪৭,৫১২ মহিলা ভোটাৰ আৰু ১০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

চৰাইদেউ জিলাৰ পঞ্চায়তীৰাজ প্রতিষ্ঠানৰ অন্তৰ্গত ৮ খন জিলা পৰিষদ, ৪ খন আঞ্চলিক পঞ্চায়ত, ৩৬ খন গাওঁ পঞ্চায়ত, ৩৬০ টা ৱাৰ্ড আৰু ৩৮০ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

ভোটাৰ তালিকাখন অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অ’ইআৰএমএছ (OERMS) ৱেবছাইট https://ermssec.assam.gov.in/ ত উপলব্ধ কৰোৱা হৈছে। এই ৱেবছাইটযোগে ভোটাৰসকলে নিজৰ ভোটাৰ কাৰ্ডৰ এপিক (EPIC) নম্বৰৰ জৰিয়তে নিজৰ নাম পৰীক্ষা কৰাৰ লগতে ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব।

আজিৰ বৈঠকত মাহমৰাৰ সম-জিলা আয়ুক্ত পলাশ ৰাজকুমাৰ আহোম, অতিৰিক্ত জিলা আয়ুক্ত (উন্নয়ন) নৱদ্বীপ চাংমাই, সহকাৰী আয়ুক্ত অঞ্জন জ্যোতি দ’লে প্ৰমুখ্যে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.