সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। মহাভাৰতৰ যুদ্ধত সঞ্জয়ে যি ভূমিকা পালন কৰিছিল আজিৰ সংবাদ মাধ্যমেও বিভিন্ন ঘাট – প্ৰতিঘাটৰ মাজেৰে সেই একেই ভূমিকা পালন কৰি আহিছে। এই মন্তব্য বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা আদানি গ্ৰুপৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ ( জি আই এ এল ) মানৱ সম্পদ উন্নয়ন বিভাগৰ দায়িত্ববাহী অভিষেক কুমাৰৰ। ১১ ডিচেম্বৰত জি আই এ এলৰ সভাগৃহত অনুষ্ঠিত সাংবাদিকৰে সৈতে হোৱা এক মত – বিনিময় অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে অভিষেক কুমাৰে। অনুষ্ঠানত অভিষেক কুমাৰে কয় – গুৱাহাটী বিমানবন্দৰটো উত্তৰ পূবৰ এটা প্ৰধান বিমানবন্দৰ। অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যকেইখনলৈ বাহিৰৰ পৰা অহা দেশী – বিদেশী পৰ্যটকৰ বেছিভাগেই গুৱাহাটী বিমানবন্দৰ হৈ অহা – যোৱা কৰে। কাজেই ই উত্তৰ পূবৰ এক দাপোন স্বৰূপ হিচাপেও পৰিগণিত হৈ আহিছে। দিনক দিনে বৃদ্ধি হোৱা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্রতি লক্ষ্য ৰাখি সম্প্ৰতি নতুন টাৰ্মিনেল ভৱনৰ নিৰ্মাণকাৰ্য চলি আছে। সেই টাৰ্মিনেল ভৱনটোত ভিতৰে – বাহিৰে অসমকে ধৰি উত্তৰ পূবৰ জাতি – জনগোষ্ঠী সমূহৰ কৃষ্টি – সংস্কৃতি , লোককলা, লোকশিল্প আদি প্ৰতিফলিত কৰা হব। যাতে বাহিৰৰ পৰা অহা এজন লোকে অসমসহ উত্তৰ পূবৰ বিষয়ে এক সম্যক ধাৰণা লব পাৰে। সংবাদ মাধ্যমে যাতে এই দিশত এক ইতিবাচক ভূমিকা পালন কৰে তাৰ বাবেও অভিষেক কুমাৰে আহ্বান জনায়। আনহাতে জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্ক ৰক্ষী বিষয়া জ্যোতিষ্ণা শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত kstjshahi বিষয়া নীল কুমাৰ সিনহা ( মানৱ সম্পদ) উপস্থিত আছিল।
Trending
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ