জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

0 136

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM আৰু আই আই টি, গুৱাহাটীৰ কাৰিকৰী সহযোগত আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত “বহনক্ষম কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী পদ্ধতি” (Innovative Practices in Irrigation Sector for Sustainable Agriculture Development) শীৰ্ষক এক দিনজোৰা কৰ্মশালা অনুষ্ঠিত হয়। জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই কৰ্মশালা উদ্বোধন কৰে।অনুষ্ঠানত তেওঁ বিভাগটোৰ কাৰ্য্যবিধিৰ কাম-কাজৰ স্মৃতিত এক কাৰিকৰী হাতপুথিও(Technical Volume) উন্মোচন কৰে।

নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে কয় যে অসমৰ জলসিঞ্চন ব্যৱস্থালৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত অসম চৰকাৰ বদ্ধপৰিকৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত বিগত বছৰকেইটাত জলসিঞ্চন বিভাগত যথেষ্ট সংস্কাৰ সাধন হৈছে। সময়ৰ সৈতে খোজ মিলাই উদ্ভাৱনীমূলক সেউজ প্ৰযুক্তি তথা পদ্ধতি ব্যৱহাৰৰ মাধ্যমেৰে সময়োপযোগী তথা অবিৰত জলসিঞ্চনৰ জৰিয়তে কৃষি খণ্ডৰ বহনক্ষম বিকাশৰ বাবে বিভাগটোৱে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত বিভাগত নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱ অভিযন্তাসকলৰ যথেষ্ট কৰণীয় আছে।

অত্যাধুনিক IoT, AI, আৰু GIS প্ৰযুক্তিৰ সংযোজনে সম্প্ৰতি স্মাৰ্ট জলসিঞ্চন ব্যৱস্থাৰ সূচনা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংযোজনে ব্যৱস্থাটোৰ বহনক্ষমতাৰ দিশত এক আৰ্হি পৰিৱৰ্তন চিহ্নিত কৰিছে। তেওঁ কয় যে জলসিঞ্চনৰ সুবিধাৰ উপলব্ধতাই খাদ্য সুৰক্ষা নিশ্চিত কৰাই নহয়, কৃষকক বছৰত একাধিক খেতি কৰাটো উৎসাহিত কৰে। অসমত পানীৰ অভাৱৰ বাবে খৰালি কালত বিস্তৃত ধাননি পথাৰবোৰ প্ৰায়ে উকা হৈ পৰি থাকে। শক্তিশালী জলসিঞ্চনৰ সুবিধাৰ প্ৰৱৰ্তনে এই পথাৰসমূহক ওৰে বছৰ সেউজীয়া কৰি

তুলিব পৰা যাব বুলি মন্তব্য কৰি তেওঁ কয় যে এই পৰিৱৰ্তন সম্ভৱ কৰি তোলাই বিভাগটোৰ মূল লক্ষ্য হোৱা উচিত। আজিৰ এই কৰ্মশালাই পানীৰ অভাৱ আৰু আমাৰ কৃষিভূমিৰ অনাবৃত সম্ভাৱনাৰ মাজৰ ব্যৱধান দূৰ কৰিব পৰা উদ্ভাৱনীমূলক সমাধানৰ সন্ধানৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ডে আদৰণী ভাষণ প্ৰদান কৰা এই কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দীন আব্বাছি, আই আই টি, ৰুৰকীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নয়ন শৰ্মা আৰু আই আই টি গুৱাহাটীৰ অধ্যাপক প্ৰঃ অৰূপ কুমাৰ শৰ্মায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিভাগৰ আয়ুক্ত-সচিব ভি.কে. মিট্টাল, NESAC শ্বিলঙৰ সঞ্চালক ড° এছ পি আগৰৱালৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি আৰু জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.