জামুগুৰিহাটত কহুৱাৰ নান্দনিক সৌন্দৰ্য্যই হাতবাউলি মাতিছে

0 189

শৰৎৰ আগমনৰ লগে লগে জামুগুৰিহাটতো জীয়া ভৰলী নদীৰ দুয়োপাৰ উপচি ফুলিছে শুভ্ৰ কহুৱা।দুয়োপাৰে চকুৰে মনিব নোৱৰা পয্যন্ত ফুলি থকা শুভ্ৰ কহুৱাই স্বাভাৱিকভাবে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। ভৰলীৰ পাৰত বতাহত হালিজালি নাচি থকা কহুৱা বনে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে। জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলীৰ দলংৰ ওপৰৰে পাৰ হৈ যোৱা প্ৰতি গৰাকী ব্যক্তিয়েই উপভোগ কৰিছে নদীৰ দুয়োপাৰে ফুলি থকা কহুৱাৰ নয়নাভিৰাম দৃশ্য। ।ইয়াৰোপৰি জীয়া ভৰলীৰ পাৰত অৱস্থি বিশাল কৃষি পাম কন্যকাৰ বক্ষতো শৰতৰ বতৰত ফুলা কহুৱাৰ দৃশ্যই সকলোৰে মনপ্ৰাণ হৰি নিছে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.