জামুগুৰিহাটত ৪০ ফুট উচ্চতা ৰাৱণৰ প্ৰতিমূৰ্তি বনোৱাত ব্যস্ত মুখা শিল্পী টংকেশ্বৰ শইকীয়া

0 529

সমগ্ৰ ৰাজ্যতে বহু উলহ মালহৰে পালন কৰা দেখা গৈছে দুৰ্গা পূজা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিছে দুৰ্গা পূজা । জামুগুৰিহাটৰ ইটাখোলাত এই বৰ্ষত সচাঁই এক ব্যতিক্ৰমী পদক্ষেপ লোৱা দেখা গৈছে । দুৰ্গা পূজাৰ দশমী তথা মা দুৰ্গাক বিদায় দিয়া দিনাই ইটাখোলা ব্যৱসায় কেন্দ্ৰৰ সমীপৰৰ খেলপথাৰত দহন কৰিব ৪০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি ।তাকে লৈ এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে জামুগুৰিহাটৰ কেৰাণীপাম নিবাসী মুখা শিল্পী টংকেশ্বৰ শইকীয়া । শিল্পী টংকেশ্বৰে ভাওনাত ব্যৱহৃত বহু মুখা বনাই অহা দেখা গৈছিল যদিও এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ৪০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰাত দিনে নিশাই ব্যস্ত হৈ পৰা দেখা গৈছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.