জামুগুৰিহাটত ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি -ঢোল পেপা আৰু গগনাৰ মাতে মুখৰিত আকাশ বতাহ

0 250

অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী ৷ গছে বনে সলাইছে পাত ৷ গছৰ ডালত কুলী কেতেকী জনীয়েও দিছে বসন্তৰ বতৰা ৷ ঢোল পেপা গগনাৰ মাত শুনি বিহু তলিলৈ ঢপলিয়াইছে দেকা গাভৰুহঁত ৷ ৰঙালী বিহুটিক আদৰিবলৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে এইদৰেই চলিছে ব্যাপক প্ৰস্তুতি ৷ ঢোল-পেপা-গগনাৰ  মাতত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ ৷ কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত জামুগুৰিহাটৰ মূল কেন্দ্ৰত ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ য’ত  প্ৰায় ৫ শতাধিক কণ কণ শিশুৰপৰা আৰম্ভ কৰি ডেকা গাভৰুৱে ঢোলবাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷

জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট

Leave A Reply

Your email address will not be published.