অসমীয়া বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। গছে-বনে পাত সলোৱাৰ লগতে কুলি কেতেকীয়েও বসন্তৰ আগজাননী দিছে। হেপাঁহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে প্ৰতিজন অসমীয়াই বিভিন্ন ধৰণে প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে পলাশবাৰী বঙৰা মাজপাৰা চতুৰ্ভূজ সত্ৰৰ খেলপথাৰ প্ৰাংগনত অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ সহযোগত আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ উদ্যোগত যোৱা ৩০ মাৰ্চৰ পৰা অহা ১০ এপ্ৰিললৈ এঘাৰদিনীয়াকৈ বিনামূলীয়া বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ আয়োজন কৰিছে। উক্ত কৰ্মশালাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যিক এন.এছ.ইউ.আইৰ সভাপতি কৃষাণু বৰুৱাই। লগত উপস্থিত থাকে ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভানেত্ৰী তনভি তনজুম, সাংগঠনিক সাধাৰণ সম্পাদক অবিনাশ দাস, সাধাৰণ সম্পাদক আছিফ আহমেদ, সম্পাদক কৌশিক কাশ্যপ, নিহাৰ শইকীয়া আৰু কামৰূপ জিলা এন.এছ.ইউ.আইৰ সভাপতি ছাকিল আহমেদ। ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ নেতৃত্বত অনুষ্ঠিত কৰা বিহুনৃত্য আৰু ঢোনবাদন কৰ্মশালাটি অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক বিহুনাচ তথা ঢোল বাদনৰ প্ৰতি আকৃষ্ট কৰোৱাৰ বাবে এই বিনামূলীয়াকৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। দক্ষিণ কামৰূপৰ প্ৰায় ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰা কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে ছয়গাওঁৰ মানস বাবন, অৰ্জুন কলিতা, মইনা কলিতা আৰু বনিতা ঠাকুৰীয়াই বিহুনৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। লগতে যোৱা ৩ এপ্ৰিলত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে অনুষ্ঠিত কৰা বিহু কুঁৱৰী প্ৰতিযোগীতাৰ বিহু কুঁৱৰী চয়নিকা দেৱীয়ে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। সংগঠনটোৱে বিনামূলীয়াকৈ বিহুনৃত্য আৰু ঢোলবাদন কৰ্মশালা আয়োজন কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছে।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ