দেশৰ অন্য প্ৰান্তৰ লগতে কালি শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্তী কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে দেশৰ ৭৫তম স্বাধীনতা দিৱস দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় । কাৰ্যসূচীৰ আৰম্ভণিতে দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য অধিনায়ক প্ৰণৱ জ্যোতি গোস্বামীয়ে পেৰেডত অংশগ্ৰহণ কৰি জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰি ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে । তেওঁৰ চমু ভাষণত উল্লেখ কৰে যে আমাৰ পূৰ্বপুৰুষ সকলৰ অশেষ কষ্টৰ ফলত আমি বৃষ্টিছৰ শাসনৰ পৰা দেশখন স্বাধীন কৰিলে, সেয়ে আমি দেশৰ অখণ্ডতাৰ ৰক্ষাৰ্থে কেতিয়াও আপোচ কৰিব নালাগে, বিশেষকৈ দেশ ৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বাহিনীয়ে সদায় নিজ নিষ্ঠাৰে পালন কৰিব লাগে , এই অনুষ্ঠানতে এই বছৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখাতি ৰে উত্তীৰ্ণ হোৱা কেবাগৰাকীও মেধাৱী শিক্ষাৰ্থী সকলক সন্মান জনোৱা হয়।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন