জামুগুৰিহাটৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভাৱনা

0 168

অসম চৰকাৰে মনোনিবেশ কৰিলে জামুগুৰিহাটৰ উত্তৰাঞ্চলত উৎপাদিত বিভিন্ন প্ৰজাতিৰ নেমুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সম্ভাৱনা আছে। অঞ্চলটোৰ মৰিসুতি,বালিজুৰি,ৰঙাচকুৱাকে ধৰি কেইবাটাও স্থানত প্ৰচুৰ পৰিমাণে উৎপাদিত নেমুৱে ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মিজোৰাম, পশ্চিমবংগ লগতে হাইদৰাবাদ আদি ঠাইলৈ ৰপ্তানি হৈ আহিছে। নেমু খেতিৰ বাবে এই অঞ্চলৰ মাটিৰ গুণাগুণ অতিকৈ উত্তম হোৱাৰ বাবেই ইয়াত প্ৰচুৰ পৰিমাণে নেমু উৎপাদিত হয়।এই অঞ্চলৰ নেমু খেতিয়ক সকলক উৎসাহিত কৰিবৰ কাৰণে ২০০৭চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰী সা-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও সেইয়া ফাইলতে আবদ্ধ থাকিল।শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেতিয়ক সকলক উৎসাহিত কৰিবৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেইলৈ এই অঞ্চলৰ নেমু খেতিয়ক সকল উৎসাহিত হৈ পৰা দেখা গৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.