জামুগুৰিহাটৰ ২ নং বাটমাৰী নামঘৰ গৃহত দুদিনীয়াকৈ ভাওনা উদযাপন

0 229

শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰি উত্তৰ আঞ্চলিক নামধৰ্ম সমাজৰ অন্তৰ্গত ২ নং বাটমাৰী প্ৰাথমিক সমাজৰ উদ্যোগত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ২ নং বাটমাৰী নামঘৰ গৃহত গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনা উদযাপন কৰে । “প্ৰসেনৰ পিতৃ পৰিচয় হিৰিম্বাসুৰ বধ” নামৰ ভাওনাখন ৰাইজৰ সহযোগত কালি প্ৰথম নিশা সম্পন্ন হয় । ২ নং বাটমাৰী প্ৰাথমিক সমাজৰ সভাপতি লোচন মেধি, সম্পাদক গজেন বৰাৰ লগতে সমুহ সদস্যবৃন্দই ভাওনাৰ আজি অন্তিম নিশাত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.