জামুগুৰিহাট কবি মঞ্চৰ সৌজন্যত নন্দেশ্বৰ শইকীয়া স্মাৰক শাৰদীয় অনুষ্ঠান অনুষ্ঠিত

0 252

জামুগুৰি কবি মঞ্চৰ সৌজন্যত জামুগুৰিহাটস্থিত অভিযাত্ৰী কলাকেন্দ্ৰত প্ৰয়াত বিশিষ্ট কবি সাহিত্যিক নন্দেশ্বৰ শইকীয়া স্মাৰক শাৰদীয় অনুষ্ঠান অনুষ্ঠিত হয়। আজি দিনৰ ২বজাৰ পৰা অনুষ্ঠিত তথা জামুগুৰি কবি মঞ্চৰ স্থায়ী সভাপতি বিশিষ্ট কবি, শিক্ষাবিদ তৰুণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত শাৰদীয় অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক গুৰু প্ৰসাদ উপাধ্যায়, মহেশ্বৰ বৰা আৰু মিংকু কলিতাই প্ৰয়াত বিশিষ্ট কবি সাহিত্যিক নন্দেশ্বৰ শইকীয়াৰ জীৱন পৰিক্ৰমা সম্পৰ্কে সুন্দৰ ভাৱে আলোকপাত কৰে । উক্ত অনুষ্ঠানতে জামুগুৰিহাটৰ বিশিষ্ট কবি সাহিত্যিক মহেশ্বৰ বৰা,হৰেন শইকীয়া, চক্ৰপাণি শৰ্মা,নাৰদ নিৰলা, কৃষ্ণ তালুকদাৰ,গীতা শইকীয়া,বাবলু হাজৰিকা, নগেন বৰা, তৰুণ বৰুৱা, নগেন কলিতাকে ধৰি কেইবাগৰাকীও বিভিন্ন কবিৰ কবি কবিতা পাঠ আৰু শিল্পী উৎপল শৰ্মাই সংগীত পৰিবেশন কৰে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.