ভাৰতৰত্ন , সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ চৌহদত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত গীত – কবিতাৰ মাজেৰে বিশ্ববন্দিত শিল্পী গৰাকীক সোঁৱৰণ কৰা হয় । বিভিন্ন প্ৰান্তৰ পৰা অহা কেবা শতাধিক সাংস্কৃতিক আৰু সাহিত্যপ্ৰেমী লোকৰ উপস্থিতিত গীত – কবিতাৰ অনুষ্ঠানটো উদ্ধোধন কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ সভাপতি অধ্যাপক হাচমত আলীয়ে আৰু আঁত ধৰে বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ সাধাৰণ সম্পাদক চাদিক আহমেদে । অনুষ্ঠানত সমন্বয় সত্ৰৰ সভাপতি প্ৰভাষ শৰ্মা , উপদেষ্টা ৰজত চন্দ্ৰ বৈশ্য , প্ৰমোদ দাস আৰু আছাদুল্লাহ শেখ , মুখ্য সাংস্কৃতিক সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়া , সাংস্কৃতিক সম্পাদক ৰাজীৱ শইকীয়া , সম্পাদক মনোজ কুমাৰ দাসকে ধৰি শাখা সাহিত্য সভা – সমন্বয় সত্ৰৰ কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে বিয়লি দুই বজাৰ পৰা পাঁচ বজালৈ অনুষ্ঠিত গীত – কবিতাৰ মনোজ্ঞ অনুষ্ঠানটোত কেবাজনো ন – পুৰণি শিল্পীয়ে বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰে । তেনেদৰে কেবাজনেও ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে আপ্লুত কৰে । আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে উদ্যোগতা সকলৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় ।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা