ভাৰতৰত্ন , সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ চৌহদত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত গীত – কবিতাৰ মাজেৰে বিশ্ববন্দিত শিল্পী গৰাকীক সোঁৱৰণ কৰা হয় । বিভিন্ন প্ৰান্তৰ পৰা অহা কেবা শতাধিক সাংস্কৃতিক আৰু সাহিত্যপ্ৰেমী লোকৰ উপস্থিতিত গীত – কবিতাৰ অনুষ্ঠানটো উদ্ধোধন কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ সভাপতি অধ্যাপক হাচমত আলীয়ে আৰু আঁত ধৰে বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ সাধাৰণ সম্পাদক চাদিক আহমেদে । অনুষ্ঠানত সমন্বয় সত্ৰৰ সভাপতি প্ৰভাষ শৰ্মা , উপদেষ্টা ৰজত চন্দ্ৰ বৈশ্য , প্ৰমোদ দাস আৰু আছাদুল্লাহ শেখ , মুখ্য সাংস্কৃতিক সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়া , সাংস্কৃতিক সম্পাদক ৰাজীৱ শইকীয়া , সম্পাদক মনোজ কুমাৰ দাসকে ধৰি শাখা সাহিত্য সভা – সমন্বয় সত্ৰৰ কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে বিয়লি দুই বজাৰ পৰা পাঁচ বজালৈ অনুষ্ঠিত গীত – কবিতাৰ মনোজ্ঞ অনুষ্ঠানটোত কেবাজনো ন – পুৰণি শিল্পীয়ে বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰে । তেনেদৰে কেবাজনেও ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে আপ্লুত কৰে । আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে উদ্যোগতা সকলৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় ।
Trending
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক