জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ দশমখন বৈঠকখন যোৱা ২৫ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। শাখাৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভণিতে শাখাৰ সদস্যাসকলে আৰম্ভণী সংগীত পৰিবেশন কৰে আৰু সম্পাদিকা গীতিকা দাসে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকৰ আৰম্ভণিতে সদ্যপ্রয়াত শিক্ষাবিদ অনিল কুমাৰ গোস্বামী, চলচ্চিত্ৰ প্ৰযোজক পৰাণ বৰ বৰুৱা,অভিনেত্ৰী জ্ঞানদা কাকতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। আনহাতে বৈঠকত স্ব ৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে ৰেণু ডেকাই । স্বৰচিত গল্প পাঠ কৰে ভাৰতী চমুৱা,অঞ্জু শইকীয়া দত্ত আৰু মণিৰূপা মিশ্ৰই।কবিতা পাঠ কৰে মামনি ভট্টাচাৰ্যই ।কবিতা আবৃত্তি কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ আৰু অঞ্জনা হাজৰিকাই । সংগীত পৰিবেশন কৰে মিনতি গোস্বামী, মল্লিকা বৰা, ডঃ মালা চলিহা, নিৰ্মালী গোস্বামী আৰু ৰুণুমী নাথে । গীতিকা দাসে কৌতুক পৰিবেশন কৰে।শেষত অপৰ্ণা দেৱীৰ নেতৃত্বত সদস্যাসকলৰ মাজত এখনি প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত হয়। সভাপতিৰ মন্তব্য পাছত শলাগৰ শৰাই আগবঢ়াই নিৰ্মালী গোস্বামীয়ে। অসম সংগীতেৰে সভাৰ বৈঠকৰ পৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ