জুন মাহৰ পৰা চলিব ২০০ৰো অধিক ৰেল

0 291

সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ সমগ্ৰ দেশ তথা ৰাজ্যতো চলি আছে ক’ৰণা মহামাৰীৰ এক শ্বাসৰূদ্ধ সন্ত্ৰাস। এই সন্ত্ৰাস প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ঘোষণা কৰিছিল লকডাউনৰ। বৰ্তমানে দেশজুৰি চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ এই সময়ছোৱাত বহুখিনি শিথিলতা প্ৰদান কৰা হৈছে। এই সময়ছোৱাতে সমগ্ৰ দেশবাসীৰ বাবে আছে এক ভাল খবৰ। সমগ্ৰ দেশজুৰি চলিত বৰ্ষৰ আগন্তুক জুন মাহৰ পৰা ২০০ খনৰো অধিক ৰেল চলাচল কৰিব।
 

উল্লেখ্য যে জুন মাহৰ পৰা চলাচল কৰিবলগীয়া ৰেল সমূহৰ ভিতৰত অশীততাপ ৰেলৰো চলাচল আৰম্ভ কৰা হ’ব। এইখিনিতে উল্লেখ্য যে সমগ্ৰ দেশতে চলিত মে’ মাহৰ ১২ তাৰিখৰ পৰা ১৫ খন বিশেষ যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ কৰা হৈছে। মন কৰিবলগীয়া কথা যে ইতিমধ্যে চলাচল কৰি থকা ৰেল সমূহত যাত্ৰাৰম্ভ কৰাৰ পূৰ্বে ৰেল যাত্ৰা কৰিবলৈ সাজু হোৱা প্ৰতিগৰাকী ৰেল যাত্ৰীয়ে কঠোৰভাৱে মানি চলিব লাগিব সামাজিক দুৰত্ব আৰু সকলো ৰেল যাত্ৰীয়ে নিজৰ নিজৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব লাগিব ছেনিটাইজাৰ।
 
 
 
আগন্তুক জুন মাহৰ ১তাৰিখৰ পৰা সমগ্ৰ দেশতে চলিব ২০০খনৰো অধিক ৰেল। এই ৰেল যাত্ৰা কৰিবৰ বাবে সকলো যাত্ৰীয়ে ৰেলৰ টিকট বুক কৰিব লাগিব অনলাইন পদ্ধতিৰ জৰিয়তে। ৰেল যাত্ৰাৰ এই সমগ্ৰ পদ্ধতি সম্পৰ্কে দেশৰ ৰেল বিভাগে সবিশেষ তথ্য সদৰি কৰিব।
 
 
 
 
আগন্তুক জুন মাহৰ পৰা আৰম্ভ হ’বলগীয়া তথা আগন্তুক জুন মাহৰ ১তাৰিখৰ পৰা দৈনিক নিৰ্দিষ্ট সময়ত চলাচল কৰিবলগীয়া ৰেলসমূহৰ জৰিয়তে যাত্ৰা কৰিব পাৰিব সকলো লোক। উল্লেখযোগ্য যে সমগ্ৰ দেশজুৰি লকডাউনৰ সময় পুনৰবাৰ বৃদ্ধি কৰাৰ সময়তে ৰেল বিভাগে সমগ্ৰ দেশজুৰি ৰেলৰ চলাচলৰ সন্দৰ্ভত সদৰি কৰিছিল উক্ত সমগ্ৰ তথ্য।
এক বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা অনুসৰি সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ পূৰ্বে প্ৰায় ১২,০০০খন ভাৰতীয় ৰেলৱেৰ অন্তৰ্গত ৰেল সমগ্ৰ দেশতে চলাচল কৰিছিল। সমান্তৰালভাৱে চলিত মে’ মাহৰ পৰা সমগ্ৰ দেশত ৩৬৬খন ৰেল প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা চলাচল কৰিছিল।

Leave A Reply

Your email address will not be published.