জুন মাহৰ শেষত ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব মিজোৰামৰ ৰাজধানী চহৰ আইজল -ৰাজধানী নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ চলিব ৰেল
ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা এক মেগা আঁচনি গ্ৰহণ কৰা হয়। অৱশ্যে মেঘালয়ৰ বিভিন্ন দল – সংগঠনৰ বাধাৰ বাবে এই পৰ্যন্ত শ্বিলং চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ আঁচনিখন ৰূপায়ণ কৰিব পৰা হোৱা নাই। ইয়াৰ বিপৰীতে কহিমা, ইম্ফল আৰু আইজললৈ ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম। উত্তৰ-পূব সীমান্ত ৰেলৱেই পহিলা মে’ত মিজোৰামৰ আইজলৰ ছাইৰাঙলৈ প্ৰথমবাৰৰ বাবে ট্রায়েল ৰান সম্পূৰ্ণ কৰি এক গুৰুত্বপূৰ্ণ সফলতা অর্জন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনলৈ ৰেল সংযোগ বুদ্ধিত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হোৱাৰ লগতে মিজোৰামক ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে ৰাজধানী সংযোগসহ উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজ্য হিচাপেও পৰিগণিত কৰিছে। এই ঐতিহাসিক ট্রায়েল ৰান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক (নিৰ্মাণ) অৰণ কুমাৰ চৌধাৰীৰ লগতে অন্যান্য জ্যেষ্ঠ ৰেল বিষয়াবৰ্গৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁলোকৰ উপস্থিতিয়ে এই সফলতাৰ গুৰুত্ব আৰু কঠিন ভূখণ্ড আৰু সামগ্ৰী সৰবৰাহৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱে টীমৰ সমৰ্পণৰ ওপৰতেই আলোকপাত কৰে। ছাইৰাঙলৈ সফল পৰীক্ষণৰ পাছত চৌধাৰীয়ে মিজোৰামৰ ৰাজ্যপাল , অৱসৰপ্ৰাপ্ত জেনেৰেল ডঃ বিজয় কুমাৰ সিং আৰু মিজোৰামৰ মুখ্যমন্ত্রী লালদুহোমাক ভৈৰবী-ছাইৰাং ৰেল প্ৰকল্পৰ পৰিসৰ, অগ্রগতি আৰু কৌশলগত গুৰুত্ব সম্পর্কে চমু প্রতিবেদন দাঙি ধৰে। তেওঁ লগতে কয় : ৰেলৱে সুৰক্ষা আয়ুক্তই জুনৰ আৰম্ভণিতে পৰিদৰ্শন কৰাৰ কথা আছে আৰু ১৭ জুনৰ পাছত ভৈৰৱী-ছাইৰাং ৰেলপথ আনুষ্ঠানিকভাবে উদ্বোধন হোৱাৰ সম্ভাৱনা আছে। মত বিনিময়ৰ সময়ত তেওঁ নির্মাণ পর্যায়ত সফলতাৰে অতিক্ৰম কৰা অভিযান্ত্রিক বাধাসমূহৰ বিষয়েও বৰ্ণনা কৰে আৰু প্রকল্পটোৱে অঞ্চলটোলৈ কঢ়িয়াই অনা প্রত্যাশিত অর্থনৈতিক আৰু সামাজিক লাভালাভৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৫১.৩৮ কিলোমিটাৰ ভৈৰৱী-ছাইৰাং নতুন ৰেল পথ প্রকল্পটো ভারতীয় ৰেলৱেৰ এক অভিযান্ত্রিক আশ্চর্য প্রকল্পটোত ৪৮ টা সুৰংগ, ৫৫ খন বৃহৎ সেতু আৰু ৮৭ খন সৰু সেতু আছে। এই প্রকল্পটোত সুৰংগৰ মুঠ দৈর্ঘ্য হৈছে ১২৮৫৩ মিটাৰ। ১৯৬ নং সেতুৰ উচ্চতা হৈছে ১০৪ মিটাৰ যি কুতুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। প্রকল্পটোত ৫ খন ৰোড অভাৰ ব্ৰীজ আৰু ৬-খন ৰোড আণ্ডাৰ ব্ৰীজ আছে। এই নতুন ৰেলপথ প্রকল্পটো চাৰিটা খণ্ডত বিভক্ত, অর্থাৎ ভৈৰৱী-হৰতকী, হৰতকী-কাৱনপুই, কাৱনপুই-মুয়ালখাং আৰু মুয়ালখাং-ছাইৰাং। উত্তৰ-পূব সীমান্ত ৰেলৱেই এই নতুন ৰেল পথ প্রকল্পটো শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ। এই প্ৰকল্পৰ লক্ষ্য হৈছে স্থানীয় পর্যটন বৃদ্ধি, ক্ষুদ্র উদ্যোগসমূহলৈ সঁহাৰি প্রদান আৰু যাত্ৰী আৰু সামগ্ৰীৰ বাবে পৰিবহণ ব্যয় হ্রাস কৰা।