জুতিকা দাসৰ সাফল্য

0 314

দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বোৱাৰীয়ে মডেলিঙেৰে জগত জীনাৰ সপোন ৰচিছে। মিৰ্জা সমীপৱৰ্তী সৰপাৰাৰ নিবাসী সুভাষ দাসৰ পত্নী জুতিকা দাসে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অলপতে গামোচা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত এখন ব্যয়বহুল ফেশ্বন শ্ব’ত  চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুটি সন্তানৰ মাতৃ জুতিকাই কেইবাটাও ৰাউণ্ডত সফলতা অৰ্জন কৰাৰ অন্তত চুড়ান্ত ৰাউণ্ডত মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল টুৰিজিম-২০১৯ ৰ মুকুট শিৰত ল’বলৈ সক্ষম হয়। এই খিতাপ অৰ্জনৰ লগে লগে বোৱাৰীগৰাকীয়ে এই বৰ্ষত বেংককত অনুষ্ঠিত হ’বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। সুন্দৰী জুতিকাৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্র পলাশবাৰীবাসী ।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..   

Leave A Reply

Your email address will not be published.