গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মাজৰ বাহৰৰ স্থায়ী বাসিন্দা তথা স্বৰ্ণপদক প্ৰাপক জ্যোতিষ শাস্ত্ৰী নৰেন্দ্ৰ নাথ শৰ্মাক এইবছৰ ৱৰ্ল্ড এষ্ট্ৰ’ ছচাইটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে । জ্যোতিষ ৰত্ন তথা চন্দ্ৰগুপ্ত পঞ্জিকাৰ সহকাৰী গণনাকাৰী নৰেন্দ্ৰ নাথ শৰ্মাই কলকাতাৰ অভিজ্ঞ জ্যোতিষী ডঃ বেণী মাধৱ চক্ৰৱৰ্তীৰ অধীনত “জ্যোতিষ তন্ত্ৰ বাস্তু” শীৰ্ষক গৱেষণা কাৰ্য সম্পাদন কৰে । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এল এইছ বি মঞ্জুলা দেৱীৰ স্বামী তথা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ স্বাস্থ্য কৰ্মী জি এন এম ৰূপশিখা শৰ্মা আৰু পশ্চিম গুৱাহাটী ছাত্র সন্থাৰ সভাপতি জিন্টুমণি শৰ্মাৰ পিতৃ নৰেন্দ্ৰ নাথ শৰ্মাৰ এনে সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল – সংগঠনে সন্তোষ প্রকাশ কৰাৰ লগতে জ্যোতিষ ৰত্ন শৰ্মাক আদৰণি জনাইছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল