টিকটকৰ বিকল্প এপ ভাৰতত মুকলি

0 309

চীন ভাৰতৰ সম্পৰ্ক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গালোৱানত পৰিকল্পিতভাৱে ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পিছত দেশবাসীয়ে চীনা সামগ্ৰী বৰ্জন কৰাৰ বাবে জনমত গঠন কৰিছিল।
 
 
 
ইয়াৰ পিছতে ভাৰত চৰকাৰে চীনা এপ নিষিদ্ধ কৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি যোৱা ২৮জুনত টিকটক, হেল্ল’, বিগো লাইভ, বিউটী প্লাচ, হেগো, চুইট চেলফি আদিৰ দৰে জনপ্ৰিয় এপ ভাৰতত নিষিদ্ধ কৰা হৈছে।
 
 
আনহাতে টিকটক অনুৰাগী সকলৰ বাবে আছে সু খবৰ। কিয়নো টিকটকৰ দৰেই ব্যৱহাৰ কৰিব পাৰিব ভাৰতীয় ৰ’প’চ’ এপক। ৰ’প’চ’ এপটোৱে কাম কৰিব টিকটকৰ দৰেই।
 
 
 
বৰ্তমান সময়ত সৰ্বমুঠ ৬কোটি ৫০লাখ গৰাকী ভাৰতীয়ই এই ৰ’প’চ’ এপৰ ব্যৱহাৰ কৰিছে। ৰ’প’চ’ এপ কৰ্তৃপক্ষৰ ধাৰণা এদিনত প্ৰায় ১কোটি লোকে ৰ’প’চ’ এপত জইন হ’ব পাৰিব। চীনা এপ টিকটক ভাৰতত নিষিদ্ধ হোৱাৰ পিছত ৰ’প’চৰ চি ই অ’ তথা সংস্থাটোৰ সহঃ প্ৰতিষ্ঠাপক মায়ংক বেনকাৰ্ডিয়াইৰ মতে চীনা এপ বন্ধ হোৱাৰ লগে লগে ভাৰতীয় এপৰ এনেধৰণৰ জনপ্ৰিয়তা সচাঁকৈয়ে কোম্পানীৰ কাৰণে বহুখিনি ভাল খবৰ।
 
 
ইমান কম সময়ৰ ভিতৰতে এনেদৰে মানুহ আকৰ্ষিত হোৱাটোৱে আৰু অধিক উৎসাহিত কৰি তুলিছে কৰ্তৃপক্ষক। স্মৰ্তব্য যে ৰ’প’চ’ এপটোৱে সম্পূৰ্ণভাৱে স্থানীয় কনটেণ্টৰ ওপৰত অধিক পৰিমাণে গুৰুত্ব দিব।

Leave A Reply

Your email address will not be published.