টি ৰাইচে অসমৰ চাহক ন মাত্ৰা প্ৰদান কৰিব

0 315

দেশ বিদেশত অসমৰ চাহৰ সমাদৰ বাঢ়িছে।ইয়াৰ সমান্তৰালভাৱে অসমত বিভিন্ন প্ৰকাৰৰ চাহৰ প্ৰচলন বৃদ্ধি পাইছে ।ফুল ফুলা চাহৰ পিছতে অসমত টি ৰাইচৰ খেতিয়ে চাহৰ ক্ষেত্ৰখনক ন মাত্ৰা প্ৰদান কৰিছে ।জানিব পৰা মতে, টি ৰাইচ চাউল পানীত ডুবাই থৈ চাহ হিচাপে খাব পাৰি ।দৰং জিলাৰ ৰামগাৱৰ উদ্যমী যুৱক ধ্ৰুৱজ্যোতি শইকীয়াই টি ৰাইচৰ খেতি আৰম্ভ কৰিছে।এই সম্পৰ্কে ধ্ৰুৱজ্যোতি শইকীয়াই এনেদৰে কয়-টি ৰাইচৰ শস্য নগালেণ্ডৰ এখন গাঁৱৰ পৰা আনি কৰা হৈছে ।ইতিমধ্যে নগালেণ্ড আৰু মণিপুৰত টি ৰাইচ অধিক জনপ্ৰিয় ।এচামুচ চাউলত দুকাপ পানীত তিয়াই থৈ টি ৰাইচ প্ৰস্তুত কৰি খাব পাৰি।চাউলবিধ দেখাত ক’লা আৰু বেঙুনীয়া আৰু টি ৰাইচৰ চাহৰ ৰং ৰঙা ।মই কৰা খেতিত ৩৬০ কে জি মান ৰাইচ পাইছো ।প্ৰথম পৰ্য্যায়ত শস্য হিচাপে বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছো।অসমৰ বিভিন্ন ঠাইৰ পৰা চাহবিধক বিচাৰি যোগাযোগ কৰিছে।উল্লেখযোগ্য যে ধ্ৰুৱজ্যোতি শইকীয়াই মৌ মাখি, ক’লা চাউল, কেচুসাৰ পৰা আদি কৰি বিভিন্ন খেতিৰ লগত জড়িত হৈছে।কৃষিৰ সম্পৰ্কে প্ৰশিক্ষণ অসমৰ লগতে দিল্লী, মুম্বাইত গ্ৰহণ কৰিছে।ধ্ৰুৱজ্যোতিৰ আশা নকৈ আৰম্ভ কৰা টি ৰাইচে শীঘ্ৰে বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.