টীয়কৰ কলিয়াপানীত জ্ঞানমাৰ্গ জাতীয় বিদ্যালয় নামেৰে অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অসমৰ ভিতৰতে প্ৰথমখন সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয় আজি শুভাৰম্ভ কৰা হয়। টীয়ক অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী প্ৰতাপ শইকীয়াৰ পৃষ্ঠপোষকতাত অসমত প্ৰথমখন সম্পূৰ্ণ বিনামূলীয়া জাতীয় বিদ্যালয়ৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড: ভাৰত ভূষণ বৰাই ।অংকুৰ, প্ৰাক প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত মুঠ ৯৩ জন ছাত্ৰ-ছাত্রীৰে প্ৰথম বৰ্ষৰ সকলো শ্রেণীৰে পাঠদান শুভাৰম্ভ কৰে।উল্লেখযোগ্য যে বিদ্যালয়খনত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী সকলক বেগ,ইউনিফৰ্ম,কিতাপ আদি বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে কম্পিউটাৰগাৰ,গ্ৰন্থাগাৰৰ সু ব্যৱস্থা কৰি নতুন প্ৰযুক্তিৰে পাঠদান গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।লগতে পৰ্য্যায়ক্ৰমে দ্বাদশ শ্ৰেণীলৈকে এই ব্যৱস্থা থাকিব বুলি জানিবলৈ দিছে প্ৰতাপ শইকীয়াই। গ্রাম্যাঞ্চলৰ দুখীয়া পৰিয়ালৰ সন্তানক শিক্ষাৰ পোহৰ বিলাবলৈ বিশিষ্ট ব্যৱসায়ীগৰাকীৰ এই প্রচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন