টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তিপত্ৰ,সাংবাদিক আৰু বিশিষ্ট লেখকক আৰ্থিক সাহাৰ্য্য প্ৰদান মুখ্যমন্ত্ৰীৰ

0 198

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ ডিফুৰ জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৮৮৪ গৰাকী টেট উৰ্ত্তীণ শিক্ষকক নিয়মীয়া আৰু ঠিকাভিত্তিত পদত নিযুক্তি প্ৰদান কৰে।এই শিক্ষক সকলৰ ভিতৰত উচ্চ প্ৰাথমিক বিদ্যালয়ত১০৮ গৰাকীক সহকাৰী শিক্ষক হিচাপে আৰু ৫৫৯ গৰাকীক সৰ্বশিক্ষা অভিযানৰ অধীনত ঠিকাভিত্তিত সহকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে জনসংযোগ বিভাগৰ পঞ্জীয়নভুক্ত তথা স্বীকৃতিপ্ৰাপ্ত ৩২ গৰাকী সাংবাদিকক এক কালীন আৰ্থিক সাহাৰ্য্য আৰু কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং জিলাৰ ৩৪ গৰাকী বিশিষ্ট লেখকৰ ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়ায়।ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে নিহত সাংবাদিক সকলৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ আৰু ৮৮ গৰাকী আইনৰ ডিগ্ৰীধাৰীক ১৫ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানৰ ভিতৰত কাৰ্বি আংলংত বিকাশৰ এক নৱজাগৰণৰ সৃষ্টি হৈছে আৰু ইয়ে সমগ্ৰ অঞ্চলটোত প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে।যদিহে ৰাস্তা ঘাট,দলং আদি বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প মানুহৰ শৰীৰ অংগ হিচাপে গণ্য কৰা যায়, তেন্তে শিক্ষা আৰু স্বাস্থ্য খণ্ড হৈছে এজন ব্যক্তিৰ শৰীৰৰ আত্মা।ৰাজ্য চৰকাৰে এই আত্মাৰ বিকাশ সাধাৰণ হকে কাম কৰিছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে অসম চৰকাৰে শিক্ষা আৰু স্বাস্থ্য খণ্ডত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ ব্যয় কৰি আহিছে যি দেশৰ ভিতৰতে লেখত ল’ব লগীয়া।শিক্ষকতা কেৱল এক বৃত্তি হিচাপে গণ্য কৰাতো উচিত নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষক সকলক সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।তেওঁ কয় যে ২০১২-১৩ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে কাৰ্বি আংলংকে ধৰি অসমত কেইবাহাজাৰো টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি প্ৰদান কৰিছে।

যদিও ৰাজ্যৰ শৈক্ষিক পৰিৱেশ আশা কৰা ধৰণে উন্নত হোৱা নাই,বৰঞ্চ চৰকাৰী বিদ্যালয়ৰ সমূহত নামভৰ্তি হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে।কাৰ্বি আংলং জিলাতো পৰিস্থিতি একে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল শিক্ষক বিদ্যালয়লৈ নাযায় আৰু নিজৰ কৰ্তব্য প্ৰতি অৱহেলা কৰে তেওঁলোক সমাজৰ শত্ৰু,কিয়নো মানৱ সম্পদ গঢ়াৰ মহান যজ্ঞত তেওঁলোক নিয়োজিত হৈ আছে।এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষক সকল নিষ্ঠাৰে দায়িত্ব পালন নকৰিলে তাৰ প্ৰভাৱ সমাজে সৰ্বত্ৰতে পৰে।কিয়নো ভাল শিক্ষাই ভাল মানুহ গঢ়ে।তেওঁ লগতে কাৰ্বি আংলং জিলাত সৰ্বসাধাৰণ ৰাইজে বিশেষকৈ বুদ্ধিজীৱী মহলক শিক্ষক সকলে দায়িত্ব নিষ্ঠাৰে যাতে পালন কৰে সেই দিশত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।কাৰ্বি আংলং প্ৰচুৰ সম্পদেৰে ভৰপূৰ।কিন্ত এই অঞ্চলটো দ্ৰুত বিকাশৰ বাবে সবাতোকৈ প্ৰয়োজনীয় হৈছে গুণগত মানৰ শিক্ষা আৰু শিক্ষা লাভৰ সা-সুবিধা অধিক বৃদ্ধি হোৱাটো।তেওঁ কয় যে শিক্ষাই সমাজত সমতাৰ সৃষ্টি কৰে আৰু সকলোকে বিকাশৰ পথেৰে আগুৱাই নিয়ে।কাৰ্বি আংলং জিলা যুৱক যুৱতী সকলে কেৱল জিলাখনৰ ভিতৰতে সীমাবদ্ধ নাৰাখি কৰ্ম সংস্থাপনৰ বাবে আন ঠাইলৈ ওলাই যোৱাৰ মানসিকতা বৃদ্ধি কৰা ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে জিলা খনৰ ছাত্ৰ ছাত্ৰীসকলক কাৰ্বি ভাষা লগতে ইংৰাজী,অসমীয়া হিন্দীকে ধৰি যিমান সংখ্যক ভাষা শিকিব পৰা যায় তাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ প্ৰদান কৰে।আনহাতে উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন,অসম বিধান সভা উপাধ্যক্ষ ডাঃ নোমল মমিন,সাংসদ হৰেন সিং বে,বিধায়ক সকল ক্ৰমে বিদ্যাসিং ইংলেং,দৰছিং ৰংহাঙ,আৰু ৰূপসিং তেৰাং,কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি টিমুং,কেইবা গৰাকীও কাৰ্যবাহী সদস্য,উপযুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে।

নিযুক্তি পত্ৰ বিতৰণ সভাত অংশ গ্ৰহণ কৰা পূৰ্বে মুখ্যমন্ত্ৰীয়ে ডিফু চহৰৰ যান-জটৰ সমস্যা লাঘৱ কৰা পদক্ষেপৰ অংশ হিচাপে লামডিং ডিমাপুৰ পথত ডিফু ষ্টেডিয়ামৰ পৰা ডিফু মুখ্য ডাকঘৰলৈ নিৰ্মাণ কৰিব লগীয়া চাৰি লেনযুক্ত ১.৪ কিলোমিটাৰ দৈৰ্ঘ্য এখন উৰণীয়া সেতু ভূমিত পূজাত অংশ লয়।লোক নিৰ্মাণ বিভাগে ২৪৩ কোটি ব্যয়ৰে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিব।

Leave A Reply

Your email address will not be published.