ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ ৰঙালী বিহু উপলক্ষে মাহটোৰ অন্তৰঙ্গ অনুষ্ঠান উদযাপন

0 221

ৰঙিয়াৰ “ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই প্ৰতি মাহে অনুষ্ঠিত কৰি অহা “মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান” আৰু অসম সাহিত্য সভাৰ কাৰ্যসূচী নিজৰ দিন এইবাৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি পহিলা বহাগৰ দিনা ৰঙিয়াৰ ঐতিহাসিক ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত উদ্‌যাপন কৰে ৷ প্ৰতিষ্ঠা বৰ্ষতে অসম সাহিত্য সভাৰ দ্বাৰা ক্ৰমে স্বৰ্ণ শাখা আৰু শতদল শাখাৰ মৰ্যাদা প্ৰাপ্ত “ৰণ্‌দিয়া সাহিত্য সভাই প্ৰতি মাহতে বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান পাতি আহিছে ৷ আৰু এই মাহৰ বিশিষ্ট অতিথি হিচাবে আছিল বৃহত্তৰ ৰঙিয়াৰ আঠজন সমাজহৈতেশী ব্যক্তি ৷

ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিত আৰম্ভণিতে সাহিত্য সভাৰ “নিজৰ দিন”ৰ লগত ৰজিতা খুৱাই আটাইকেইগৰাকী বিশিষ্ট অতিথিক “ওলগনি পত্ৰ” আৰু বিহুৱানেৰে ওলগনি জনাই ৷ সম্বৰ্দ্ধিত ব্যক্তিসকল আছিল সৰ্বভাৰতীয় মুক্তিযুজাৰু সন্থাৰ সভাপতি কৃষ্ণ লহকৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা , বয়োজেষ্ঠ্য সমাজ কৰ্মী হৰেন্দ্ৰ কুমাৰ ভূঞা , অৱসৰপ্ৰাপ্ত শিক্ষক কাশীনাথ শৰ্মা , অপ্ৰাদেশীকৃত বিদ্যালয়ৰ পৰা বিনা বেতনে অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষকদ্বয় ক্ৰমে মহেশ্বৰ বৰ্মন , ননীধৰ কলিতা , সমাজকৰ্মী মহেন্দ্ৰ শালৈ আৰু বিশিষ্ট চিত্ৰশিল্পী শম্ভু লাল ৷
অন্তৰঙ্গ অনুষ্ঠানটিত আটাইকেইগৰাকী ব্যক্তিয়েই নিজৰ নিজৰ অভিজ্ঞতা আৰু পৰামৰ্শৰে মনোভাৱ ব্যক্ত কৰে ৷ জাতীয় জীৱনত মাতৃভাষাই প্ৰথম আৰু সৰ্বত্ৰে ইয়াৰ ব্যৱহাৰ প্ৰথমে হ’বই লাগিব বুলি দাবী কৰে ৷ লগতে সাহিত্য সভাই সাহিত্য সৃষ্টিৰ সমান্তৰালভাৱে অসমীয়া সমাজ জীৱনৰ প্ৰতিটো দিশত সুপৰিকল্পিতভাৱে জাতিটোৰ বাবে কাম কৰাৰ বাবে আহ্বান জনায় ৷সমাজকৰ্মী অভিজিত দাস, যোগাচাৰ্য্য জ্যোতিষ কলিতা , অধ্যাপক ভৱ শৰ্মা, শিক্ষক ৰাজেন কলিতা, ক্ৰীড়া সংগঠক বিৰেণ কলিতা , ডম্বৰু কলিতা , যাদব কলিতা, নাৰায়ণ কলিতা , দিপক কলিতা, বিষ্ণু ডেকা , দ্বীপেন কলিতা, নিপন ভূঞা, জয়ন্ত জিত কলিতা, পংকজ শৰ্মা, উজ্জ্বল ডেকা , বিপুল তালুকদাৰ, পংকজ পল্লৱ শৰ্মা , বিপুল কাকতি, ডিম্বেশ্বৰ কলিতা, হিৰেণ কলিতা, প্ৰণৱ কলিতা, মজফৰ হুছেইন , বিমলা দেৱী, সুৰভি লহকৰ, সবিতা বৰ্মন, উৰ্মিলা দাস, জোনমণি কলিতা, অঞ্জুমণি কলিতা, ৰীণা ডেকা, বিউটি দাস, বিজুমণি মহন্ত, নন্দীতা কলিতা, লীনা মজুমদাৰ, তাপস সমাদ্দাৰ , মোস্তাফা আহমেদ, বিপুল কলিতা , হিৰকজ্যোতি কলিতা, ৰণ্‌দিয়া সাহিত্য সভাৰ আজীৱন সভ্যসকল আৰু ৰঙিয়াৰ ৰাইজে মুক্তভাৱে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি কৃষ্ণ লহকৰ, নিপন ভূঞা আৰু পবিন কলিতাৰ দ্বাৰা বহুকেইজন সভ্যক সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ সভাপতি প্ৰতুল ভূঞাঁই আটাইলৈ শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটিৰ সফল সমাপন ঘোষণা কৰে৷

বাতৰি যুগুতালে ৰঙিয়াৰ  পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.