ভৱেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহনৰ উদ্যোগত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯০ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি এইবেলি বিশিষ্ট ঔপন্যাসিক, লেখিকা শর্মিষ্ঠা প্রীতম বৰুৱাক আগবঢ়োৱা হৈছে ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা ( ২০২১ )। ২০ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত শর্মিষ্ঠা প্ৰীতম বৰুৱাক এই বঁটা প্ৰদান কৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই। এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এটা স্মাৰক, এখন প্রশস্তি পত্র, চেলেং চাদৰ জাপি আৰু গামোচা। আনহাতে এই উপলক্ষে ন্যাসৰ সচিব মলয়া গোস্বামীৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ মুখ্য বিমানকোঠ বিষয়া উৎপল বাদল বৰুৱাই চমু ভাষণত এসময়ত শিক্ষাগুৰু হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সৈতে তেওঁৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰে আৰু তেওঁ এগৰাকী সহজ সৰল অন্তৰৰ পৰোপকাৰী ব্যক্তি আছিল বুলি কয়। অনুষ্ঠানত বঁটা গ্ৰহণ কৰি শর্মিষ্ঠা প্ৰীতম বৰুৱাই ভাষণত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৰে বৰেণ্য এগৰাকী ব্যক্তিৰ নামত বঁটা লাভ কৰি পৰমপ্রাপ্তি লাভ কৰিছে বুলি সদৰি কৰে আৰু তেওঁৰ সৃষ্টিশীল লেখনীয়ে সদায় উৎসাহিত কৰি আহিছে বুলি কয়। ইয়াৰ উপৰি শর্মিষ্ঠা প্ৰীতম বৰুৱাই বঁটাটো যোৱা ১৮ জানুৱাৰীত মৃত্যু হোৱা তেওঁৰ পিতৃ অভয় বৰুৱাৰ নামত উৎসৰ্গা কৰা বুলি ঘোষণা কৰে। অনুষ্ঠানত ন্যাসৰ ন্যাসৰক্ষী প্রীতি শইকীয়াই ন্যাসৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি পূৰ্বতে অসম চৰকাৰে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত যি বঁটা প্ৰদান কৰি আহিছিল সেই বঁটা পুনৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অধ্যাপক ড° কুলেন্দু পাঠকেও চমু ভাষণ আগবঢ়ায়। তেনেদৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই প্ৰীতি শইকীয়াৰ অনুৰোধত এদিন আগতে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সোঁৱৰণত ৰচনা কৰা ‘ভবেন্দ্রার্ঘ’ নামৰ এটি কবিতা পাঠ কৰে। অনুষ্ঠানত সাংস্কৃতিক কর্মী গোপাল জালান, কৃষ্ণ ৰয়, শিল্পী নুৰুদ্দিন আহমেদ, ডাঃ হেমেন বর্মন, বনলতা প্রকাশনৰ অনন্ত হাজৰিকাকে ধৰি কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। ইফালে আৰোহনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰবীন্দ্ৰ ভৱনত ১৯ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ড° ভবেন্দ্র নাথ শইকীয়া নাট সমাৰোহৰ ২০ ফেব্ৰুৱাৰীৰ নিশা সামৰণি পৰে। ২০ ফেব্ৰুৱাৰীৰ দিনা নিশা ইনলি ফাউণ্ডেছনে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত আৰু বিপ্লৱ বৰকাকতি ৰচিত নাট ‘অৱৰোধ’ মঞ্চস্থ কৰে। নাট সন্ধিয়া উদ্বোধন কৰে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। অনুষ্ঠানত ভাষণ প্ৰসংগত পাৰ্থ সাৰথি মহন্তই ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰি তেওঁ সদায় অসমীয়া ভাষা , সাহিত্য সংস্কৃতিৰ প্ৰচাৰ , প্রসাৰ আৰু সংবৰ্ধনৰ হকে কাম কৰি আহিছিল বুলি সদৰি কৰে ।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি