পৌৰ প্ৰাৰ্থীসকলৰে ৰঙিয়া নিৰ্বাচনী কৰ্তৃপক্ষৰ সভা – নিৰ্বাচন বিভাগৰ নিয়ন্ত্ৰণ কক্ষ মুকলি

0 222

নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামগ্ৰিক অৱলোকনৰ জৰিয়তে বিশদ আৰু বিস্তৃত বাখ্যাৰে কালি ৰঙিয়া মহকুমা নিৰ্বাচন বিভাগে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰঙিয়া পৌৰসভাৰ প্ৰাৰ্থীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ সভাত ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশ আৰু পৌৰ নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক প্ৰৱীৰ কুমাৰ দত্তই প্ৰাৰ্থীসকলক নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত সাৱলীলভাৱে বিৱৰি কয় ৷ তদুপৰি, নিৰ্বাচনী ব্যয় সম্পৰ্কতো তেখেতসকলক বুজাই দিয়া হয় ৷ উল্লেখযোগ্য যে , প্ৰাৰ্থীসকলে নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব ৷ আনহাতে ব্যয় সম্পৰ্কতো তেখেতসকলে প্ৰচাৰৰ সময়ছোৱাত লিখিতভাৱে নিৰ্বাচনী কৰ্তৃপক্ষক অৱগত কৰিব লাগিব ৷ তাৰকা প্ৰচাৰক নিয়োগৰ ক্ষেত্ৰতো সভাত প্ৰাৰ্থীসকলৰ সন্মুখত বিতংভাৱে ব্যাখ্যা কৰা হয়৷ ইফালে, নিৰ্বাচন সম্বন্ধীয় যিকোনো আপত্তি দৰ্শাবৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ কথা জানিব দিয়ে নিৰ্বাচন বিভাগে ৷ এই সম্পৰ্কত কোনো অভিযোগ থাকিলে ৬০০১১৬৮০৩৯ নম্বৰত ফোন কৰিব পাৰে৷কালি সভাত নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিক , সহকাৰী আয়ুক্ত অম্লান বৈশ্য প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.