ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীয়ে প্ৰশাসন ব্যৱস্থালৈ স্বচ্ছতা আনিছে:মুখ্যমন্ত্ৰী

0 243

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি জনতা ভৱন চৌহদত তথ্য প্ৰযুক্তিয়ে প্ৰতিষ্ঠা কৰা ৰাজ্যিক ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰে। সমগ্র ৰাজ্যৰ নেটৱৰ্ক ব্যবস্থাক সামৰি লোৱাৰ উদ্দেশ্যেৰে এই চেণ্টাৰ স্থাপন কৰা হৈছে।উল্লেখ্য যে বিভিন্ন ই-গৰ্ভনেন্স সেৱা প্ৰদানৰ ফলত সাধাৰণ জনতা উপকৃত হৈছে ।তেনেবোৰ সেৱাৰ তথ্য সমূহক কেন্দ্ৰীয় ভাৱে থুপ খুৱাই নিৰাপদ,সুৰক্ষিত, বিশ্বাসযোগ্য আন্তঃগাঁথনিৰ সামৰি লোৱাৰ বাবে অসম ৰাজ্যিক ডাটা চেণ্টাৰ মুকলি কৰাৰ লগে লগে আমাৰ ৰাজ্য খনে ডিজিটেল ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই যোৱাৰ সুযোগ লাভ কৰিলে।
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰযুক্তি বিভাগ আৰু অসম ইলেক্ট্ৰনিক ডেভলেপমেণ্ট কৰ্পোৰেশ্বন লিমিটেডক এই ডাটা চেণ্টাৰ আৰম্ভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে এই ব্যৱস্থাই ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব।তেওঁ কয় যে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীক অধিক আগুৱাই নিয়াৰ বাবে ইয়াক প্ৰয়োগ কৰিব লাগিব।ইয়াৰ জৰিয়তে ৰাজ্যৰ উন্নয়ন প্ৰক্ৰিয়াক অধিক ত্বৰাম্বিত কৰিব লাগিব বুলিও কয়।মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাৰ সহায়ক হোৱাকৈ ইয়াৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে ষ্টেট ডাটা চেণ্টাৰক সঠিক আৰু সুচলতাৰ ভাৱে সেৱা আগবঢ়াই যোৱা আহ্বান জনাই ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণ আৰু উপকৃত হ’ব পৰাকৈ প্ৰয়োগ কৰাৰ বাবেও আহ্বান জনায়।
অনুষ্ঠানত তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত,অতিৰিক্ত মুখ্য সচিব ছৈয়দ্দিন আব্বাচি,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,আমট্ৰনৰ পৰিচালনা সঞ্চালক এম কে যাদৱ,মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালী,তথ্য প্ৰযুক্তি বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.