ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগতে অসমৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া,বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নোবেল বঁটা বিজয়ী ভাৰতীয় পদাৰ্থবিজ্ঞানী চাৰ চি. ভি. ৰমনৰ উদ্ভাৱনৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ সংস্থা চমুকৈ DURSA ই বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত আয়োজন এই মননশীল অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু যথেষ্ট সংখ্যক বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মূলতঃ দুটা পৰ্যায়ত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানৰ প্ৰথমটি পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প’ষ্টাৰ আৰু বিজ্ঞানভিত্তিক মডেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়ক বিষয়বস্তু হিচাপে লৈ আয়োজিত কৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণকাৰীৰ সৃজনীশীলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাসমূহত বিচাৰক হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° মহম্মদ কে. জামান, ড° পংকজ চেতিয়া আৰু সহকাৰী অধ্যাপক ড° সুব্ৰত সিংহা আৰু ড° বৰ্ষা মেচ দাস। আনহাতে গৱেষক ছাত্ৰ সংস্থাৰ সভাপতি অনিল মিলিৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অৰ্থাৎ মূল সভাত বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ছ এণ্ড ডেভেল্পমেন্টৰ ডীন অধ্যাপক ড° দীপক চেতিয়া, চায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ ডীন অধ্যাপক ড° এচ. চি. কাকতিৰ লগতে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° গীতিকা বৰাও উপস্থিত থাকে। সভাৰ মুখ্য অতিথি CSIR-NCL ৰ জ্যেষ্ঠ বিজ্ঞানী, জে. চি. বোস নেচনেল ফেল’ ড° অনিল কুমাৰৰ ব্যক্তব্যই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ সক্ষম হয়। উক্ত সভাতে সুদূৰ চেক গণৰাজ্যৰ বিজ্ঞানী প্ৰফেচৰ পিটাৰ স্পাটেঙ্কা আৰু আমেৰিকাৰ চিনটিনাটিৰ বিজ্ঞানী অসমৰ সু-সন্তান ড° বাবুল বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান-শিক্ষাৰ প্ৰাসংগিকতাৰ কথা ব্যক্ত কৰে। অনুষ্ঠানৰ শেষৰফালে প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। গৱেষক ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক বিবেকানন্দ গগৈয়ে আগবঢ়োৱা শলাগৰ শৰাইৰ পিছতেই সাফল্যমণ্ডিত অনুষ্ঠানটোৰ সাক্ষ্য বহন কৰিব পৰাকৈ সকলোৰে উপস্থিতিত বিশ্ববিদ্যালয়ৰ চৌহদত দুটা গছ পুলিও ৰোপন কৰা হয়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি