ডিব্ৰুগড় এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ প্ৰতিভাই সকলোকে মোহিত কৰিছে । ব্যক্তিজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত ৩ফুট উচ্চতাৰ ইণ্ডিয়া গেট, আৰু আঢ়ৈফুট উচ্চতাৰ আইফেল টাৱাৰ ।ডিব্ৰুগড় চহৰৰ অ’ল্ড ডি.চি বাংলা পথত বাস কৰা বিবেক পল নামৰ লোকজনে নিজস্ব কৌশলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই ইণ্ডিয়া গেট আৰু আইফেল টাৱাৰ। উল্লেখ্য যে, সুদীৰ্ঘ বছৰ ধৰি বিবেকে ব্যৱসায়ৰ লগত জড়িত আছে। তাৰ মাজতে সময় উলিয়াই বিভিন্ন ধৰণৰ সৌন্দৰ্য্য বৰ্ধক সামগ্ৰী বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে আৰু অজস্ৰজনৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পলে বাঁহেৰে তিনিফুট উচ্চ ইণ্ডিয়া গেট নিৰ্মাণ কৰি বিশেষ চৰ্চা লাভ কৰিছে ডিব্ৰুগড় চহৰত।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins